হিংসাজৰ্জৰ চামগুৰিত ভোটগ্ৰহণ সম্পন্ন - BYE ELECTION 2024
Published : Nov 13, 2024, 7:11 PM IST
নগাঁও: চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে শান্তিপূৰ্ণভাৱেই সমাপ্ত হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া । এই পৰ্যন্ত ৮০ শতাংশতকৈ অধিক ভোটগ্ৰহণ সম্পন্ন হয় বুলি জানিব পৰা গৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈকে সময় বান্ধি দিয়া হৈছিল ৷ একাংশ ভোটকেন্দ্ৰত ৫ বজাৰ ভিতৰতেই ভোটগ্ৰহণ সম্পন্ন হয় । পিছে একাধিক ভোটকেন্দ্ৰত সন্ধিয়াৰ পাছতো চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । সমষ্টিটোৰ আটাইতকৈ চৰ্চিত শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত সন্ধিয়া পৰ্যন্ত প্ৰায় ৭০ শতাংশহে ভোটগ্ৰহণ হোৱা বুলি ভোটগ্ৰহণৰ দায়িত্বত থকা বিষয়াৰ পৰা জানিব পৰা গৈছে ।
চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰাই প্ৰায় প্ৰতিদিনেই হিংসাত্মক ঘটনা সংঘটিত হৈছে যদিও সন্ধিয়া পৰ্যন্ত প্ৰায় শান্তিপূৰ্ণভাৱেই সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । অৱশ্যে ইয়াৰ মাজতে দুই এক বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে যদিও আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ উপৰিও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ উচ্চপদস্থ আৰক্ষী বিষয়াই ভোটকেন্দ্ৰসমূহ নিজে পৰ্যবেক্ষণ কৰি পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰে ।