অল্টো-অ’টোৰ মুখামুখি সংঘৰ্ষত অ’টো চালকৰ মৃত্যু - road accident in guwahati - ROAD ACCIDENT IN GUWAHATI
Published : May 18, 2024, 2:30 PM IST
গুৱাহাটী, ১৮ মে’: নিশাৰ মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । শুকুৰবাৰে নিশা খানাপাৰাৰ ট্ৰেফিক পইন্টত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । তীব্ৰবেগী অল্টো আৰু অ’টোৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে ৷ ফলত থিতাতে নিহত হয় অ’টোৰ চালকজন ।
জানিব পৰা মতে, নিশা AS 01 EC 6112 এখন অল্টো বাহন আৰু AS 01 EC 3546 নম্বৰৰ অ’টোখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । এই পথ দুৰ্ঘটনাটোত খানাপাৰাৰ কইনাধৰাৰ উদয় তালুকদাৰ নামৰ অ’টো চালকজনৰ ঘটনাস্থলীতে মৃত্যু হয় । লগতে অ’টোখনৰো যথেষ্ট পৰিমাণে ক্ষতিসাধন হয় ।
দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অল্টোখনৰ চালকজনে । দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত কিছুসময়ৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । একাংশ স্থানীয় ৰাইজৰ অভিযোগ ট্ৰেফিক পইন্টটোত যান-বাহন আৰক্ষী নথকাৰ বাবেই সঘনাই সংঘটিত হয় পথ দুৰ্ঘটনা । উত্তেজিত ৰাইজে ঘটনাস্থলীত অসম আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি সাব্যস্ত কৰে প্ৰতিবাদ । পিচত ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক : নাৰেংগীত ৰে'লৰ খুন্দাত নিহত দুই শ্ৰমিক, আহত তিনিজন - Train Hit labourers