অসম

assam

নগাঁৱত মিষ্টাৰ অসম আৰু মিচ অসম প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 4:24 PM IST

বিধায়ক ৰূপক শৰ্মাৰ সংবাদমেল

নগাঁও, 25 জানুৱাৰী : আগন্তুক ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ সংখ্যক সদৌ অসম ভিত্তিত ফিটনেছ মডেল আৰু ৱ’মেন চেম্পিয়নশ্বীপৰ লগতে উত্তৰ পূবৰ দ্বিতীয় সংখ্যক ফেশ্বন আৰু মডেল প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব । বুধবাৰে বিয়লি নগাঁও আৱৰ্ত ভৱনত নগাঁও শৰীৰ চৰ্চা আৰু পাৱাৰলিফটিং সন্থাৰ উদ্যোগত এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত অৱগত সকলোকে কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা আয়োজনক সমিতিৰ সভাপতি ৰূপক শৰ্মাই ।

উল্লেখ্য যে, ২৭ জানুৱাৰী তাৰিখে মিষ্টাৰ নগাঁও, ফেশ্বন শ্ব’ আৰু ২৮ জানুৱাৰী তাৰিখে মিষ্টাৰ আৰু মিছ অসম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । লগতে অসমৰ প্ৰায় ১২০ গৰাকীৰো অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বিধায়ক ৰূপক শৰ্মাই । উক্ত সংবাদমেলখনত সম্পাদক কৃপঞ্জল শৰ্মা, উপ-সভাপতি সীমান্ত বৰা, প্ৰণৱ শৰ্মা উপস্থিত থকাৰ লগতে নগাঁও শৰীৰচৰ্চা আৰু পাৱাৰলিফটিং সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবেই ৰাহুল গান্ধীৰ প্ৰৱেশত বাধা দিছিল থান পৰিচালনা সমিতিয়ে: ৰূপক শৰ্মা

ABOUT THE AUTHOR

...view details