অসম

assam

ETV Bharat / videos

জামুগুৰিহাটত সন্ধানহীন মেট্ৰিক পৰীক্ষাৰ্থী - Student Missing in Jamugurihat

🎬 Watch Now: Feature Video

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 1:55 PM IST

চতিয়া,১৩ ফেব্ৰুৱাৰী: অহা ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা জামুগুৰিহাটৰ ইটাখোলাৰ এগৰাকী পৰীক্ষাৰ্থী সোমবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইটাখোলাৰ ব্যৱসায়ী ওম প্ৰকাশ ৰায় সোমবাৰে ইটাখোলা ব্যৱসায়িক কেন্দ্ৰলৈ ওলাই অহাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছে তেওঁৰ পুত্ৰ তথা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী অবিনাশ ৰায় ।  

পৰিয়ালৰ লগতে পিতৃৰ বন্ধুবৰ্গই সোমবাৰৰ পৰা যুৱকজনক বিচাৰি চলাথ কৰিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই । ইপিনে সন্ধানহীন ছাত্ৰজনে ঘৰৰ পৰা লৈ অহা স্কুটীখন পুৱাৰ ভাগত ইটাখোলাৰ নাতিদূৰত থকা জলসিঞ্চন বিভাগৰ নলাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় যদিও ছাত্ৰজনৰ কোনো শুংসূত্ৰ নোলোৱাত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল । ইফালে ইটাখোলা আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰজনৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই ৷ 

লগতে পঢ়ক: ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !

ABOUT THE AUTHOR

...view details