অসম

assam

ধিঙৰ কিশোৰী ধৰ্ষণত জড়িত দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব : পীযুষ হাজৰীকা - Dhing rape case

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 9:45 PM IST

ধিঙৰ কিশোৰী ধৰ্ষণত জড়িত দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব : পীযুষ হাজৰীকা (ETV Bharat)

নগাঁও, 23 আগষ্ট : নগাঁৱৰ ধিঙত সংঘটিত কিশোৰী ধৰ্ষণকাণ্ডক লৈ উত্তাল সমগ্ৰ ৰাজ্য ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে ভুক্তভোগী কিশোৰী গৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা । ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষ আৰু কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতেও কথা বতৰা পাতে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘কিশোৰীগৰাকী এতিয়াও শ্ব’কত আছে ৷ অলপ সময় লাগিব ৷ বৰ্তমান তেওঁ সংকটমুক্ত আৰু স্বাস্থ্য যথেষ্ট উন্নত হৈছে যদিও কিশোৰীগৰাকী আৰু দুদিনমান চিকিৎসালয়তে থাকিব লাগিব ৷ কিশোৰীগৰাকীৰ বায়েক আৰু জেঠায়েকে কোৱা মতে তাই এতিয়াও বহু কষ্টত আছে ৷ শৰীৰ বহু ঠাইত বিষ আছেই ৷’’

হাজৰীকাই কয়, ‘‘এজন অভিযুক্ত ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে ৷ আন দুই অভিযুক্তও কম সময়ৰ ভিতৰতে আৰক্ষীৰ জালত পৰিব । কিশোৰী ধৰ্ষণকাণ্ডত দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব ৷’’

লগতে পঢ়ক : ধিঙৰ জঘন্য কাণ্ডক লৈ সৰ্বত্ৰে ধিক্কাৰ-গৰিহণা : কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া - Dhing rape case

লগতে পঢ়ক : ধিঙৰ জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব: পীযুষ হাজৰীকা - Dhing rape case

লগতে পঢ়ক : তদন্ত সঠিক দিশত আগবাঢ়িছে, অভিযুক্তৰ পৰা লাভ কৰা হৈছে তথ্য : ধিঙত জি পি সিং - Dhing Rape Case

লগতে পঢ়ক : ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

ABOUT THE AUTHOR

...view details