অসম

assam

হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ খেলিব লীলাম্বৰ মৰাণে - Indian handball team

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:43 PM IST

হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব লীলাম্বৰ মৰাণে (ETV Bharat Assam)

তিনিচুকীয়া, ২৩ জুন: তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ ভিতৰুৱা ৰসবাৰী গাঁৱৰ লীলাম্বৰ মৰাণে বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাৰ ভাৰতীয় হেণ্ডবল দলৰ হৈ খেলিবলৈ স্থান লাভ কৰিছে । এই খবৰে লীলাম্বৰ মৰাণৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীকেই আনন্দিত কৰিছে ।

ফিল'বাৰী অঞ্চলৰ ৰসবাৰী গাঁৱৰ কৃষক পিতৃ ভদেশ্বৰ মৰাণ আৰু মাতৃ মমী মৰাণৰ পুত্ৰ লীলাম্বৰ মৰাণে অহা ২৭ জুনৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় হেণ্ডবল দলৰ হৈ অংশগ্ৰহণ কৰিব ।  

পঞ্চম শ্ৰেণীৰ পৰাই হেণ্ডবল খেলত মনোনিৱেশ কৰা লীলাম্বৰে ইতিমধ্যে নেপালত অনুষ্ঠিত হোৱা হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছে । অহা ২৫ তাৰিখে ভাৰতীয় দলৰ হৈ খেলিবলৈ গুৱাহাটীৰ পৰা বাংলাদেশলৈ ৰাওনা হ'ব লীলাম্বৰ মৰাণ ।

আন্তঃৰাষ্ট্ৰীয় খেললৈ যোগ্যতা অৰ্জন কৰিলেও খেতিয়ক পিতৃ আৰ্থিকভাৱে স্বচ্ছল নহয় । যাৰ বাবে পৰিয়ালটোত আনন্দৰ মাজতো আছে কিছু দুঃশ্চিন্তাৰ লগতে হতাশা । যদিহে স্থানীয় বিধায়ক সুৰেণ ফুকন তথা সচেতন ব্যক্তিৰ লগতে দল-সংগঠন, ক্ৰীড়াপ্ৰেমী ৰাইজে সহায় সহযোগিতা আগবঢ়াই তেন্তে নিশ্চিতভাৱে লীলাম্বৰ মৰাণ এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি আশা কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক: ভাৰতীয় টাইকোৱাণ্ডোৰ ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কলিয়াবৰৰ অজয় বৰুৱাৰ - National Taekwondo Referee

ABOUT THE AUTHOR

...view details