অসম

assam

ETV Bharat / videos

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - Protest in Dhemaji - PROTEST IN DHEMAJI

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:51 PM IST

ধেমাজি, 19 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ আজি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৰ্ধিত বিদ্যুৎ মাচুল আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ধেমাজি নগৰৰ মাজেৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই ধেমাজি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদী ৰাইজে হাতে হাতে প্লে’ কাৰ্ড লৈ অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা বন্ধ কৰক, ডকাইতৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰক, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰি সংগঠনটোৰ জিলা সমিতিৰ সম্পাদক নাৰায়ণ বৰাই কয় - “ স্মাৰ্ট মিটাৰৰ জৰিয়তে দৰিদ্ৰ জনতাক লুণ্ঠন কৰি হত্যা কৰিব বিচাৰিছে ৷ ইয়াৰ উচিত শিক্ষা নন্দিতা গাৰ্লোচাই পাব লাগিব ৷ ইয়াৰ শাস্তি অসম শক্তি বিতৰণৰ লিমিটেডৰ বিষয়ববীয়াই পাব লাগিব ৷ তেওঁলোকে ডাঙৰ ডাঙৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি দৰিদ্ৰ জনগণৰ কথা উপলব্ধি কৰিব নোৱাৰে ৷"

একেদৰে সংগঠনটোৰ সভাপতি ভৱেন হালৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি স্মাৰ্ট বন্ধ কৰি পূৰ্বৰ মেন্যুৱেল মিটাৰ সংযোগ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ আতিশয্য : টীয়কত ৰাইজৰ প্ৰতিবাদ - Protest in Teok

ABOUT THE AUTHOR

...view details