অসম

assam

ETV Bharat / videos

বিয়াৰ সাজ পিন্ধা নহ'ল ৰেহানাৰ - SILCHAR TRAGIC ACCIDENT

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 7:15 PM IST

শিলচৰ: এটা পৰিয়ালৰ চাৰিগৰাকী সদস্য়ৰ জীৱনলৈ নামি আহিল অমানিশা । কোনোৱেই ভবা নাছিল চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ যোৱাৰ পথত অপেক্ষা কৰি আছিল মৃত্য়ুদূতে । এক পথ দুৰ্ঘটনাই নিমিষতেই থানবান কৰিলে এটা পৰিয়ালৰ সপোন । বিয়ালৈ মাজত মাত্ৰ সাতদিন থকোতেই চিৰনিদ্ৰাত ঢলি পৰিল যুৱতীসহ একে পৰিয়ালৰ চাৰিগৰাকীকৈ সদস্য় ।  

সোমবাৰে কাছাৰৰ ৰাণীঘাটত পথ দুৰ্ঘটনাত মৃত্যু হয় একেটা পৰিয়ালৰে চাৰিগৰাকী লোকৰ । এই দুৰ্ঘটনাত জাকিৰ হুছেইন (৫০) ৰ লগতে পত্নী ৰেজিয়া বেগম (৪৫),কন্যা ৰেহানা বেগম (২১) আৰু পুত্ৰ আমিৰ হুছেইন (২৫) নিহত হয় ৷ ইয়াৰে ৰেহানা বেগমৰ অহা সপ্তাহত বিয়াৰ দিন আছিল ।

আটাইকেইগৰাকী কালাইন ভৈৰৱপুৰৰ বাসিন্দা ৷ নিহত পৰিয়ালটোৰ সদস্য়কেইগৰাকীয়ে অট'ৰে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ গৈ আছিলে । ইপিনে, এই ঘটনাত গুৰুতৰ আহত হৈছে অট'চালক তাহিৰ হুছেইন । তেওঁ বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আই চি ইউত গুৰুতৰ অবস্থাত চিকিৎসাধীন হৈ আছে । আনহাতে, ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছত উত্তেজিত ৰাইজে শিলচৰ কালাইন পথ অৱৰোধ কৰে । তিনিঘন্টা পাছত আৰক্ষী অধীক্ষক নোমাল মাহাত্তা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:ৰাজপথত মৃত্য়ুৰ কিৰিলি, থিতাতেই প্ৰাণ হেৰুৱালে পাঁচ যাত্ৰীয়ে

বাছৰ খুন্দাত নিহত মহিলা; শিশুসহ আন দুগৰাকীৰ অৱস্থা সংকটজনক

ABOUT THE AUTHOR

...view details