ETV Bharat / sports

বিশ্ব ভলীবলৰ সভাপতিক আদৰিবলৈ সাজু তেজপুৰ: পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰস্তুতি তুংগত - BRAHAMPUTRA VOLLEYBALL LEAGUE

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত খেলত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় ভলীবল সন্থাৰ সভাপতি । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Brahamputra Volleyball at tezpur
তেজপুৰত ব্ৰহ্মপুত্ৰ ভলীবলৰ ছুপাৰ লীগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 4:53 PM IST

তেজপুৰ : তেজপুৰ প'ল' ফিল্ডত শতাধিক লোকৰ লগত ব্যস্ত ভাৰতীয় ভলীবলৰ প্ৰাক্তন অধিনায়ক আৰু ব্ৰহ্মপুত্ৰ ভলীবলৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য । বিগত ২০১৯ চনত অসমৰ ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত হৈ পৰৱৰ্তী সময়ত ২০২০ চনত প্ৰথম তেজপুৰৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব তেজপুৰ প'ল' ফিল্ড খেলপথাৰত ।

তেজপুৰত ব্ৰহ্মপুত্ৰ ভলীবলৰ ছুপাৰ লীগ

অভিজিত ভট্টাচাৰ্যৰে প্ৰণৱ কুমাৰ দাসৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

ক্ৰিকেটৰ আই পি এল, ফুটবলৰ আই এছ এলৰ পিছত এইবাৰ গাঁৱৰ ওপজা মাটিৰ পৰশত উজ্জীৱিত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ হৈছে এক বহল পৰিসৰত । তেজপুৰত অনুষ্ঠিত হ'বলগীয়া এই বি ভি এলৰ ছুপাৰ লীগত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি ফেবিঅ' এজেভেডো (Fabio Azevedo) ।

অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি নিজে উপস্থিত থাকি গাঁৱৰ খেলুৱৈৰ দ্বাৰা পৰিবেশন কৰা খেল নিৰীক্ষণ কৰিব ।

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত খেলত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ

ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই ই টিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত জনায় ,"অহা ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ এই চূড়ান্ত খেল অনুষ্ঠিত হ'ব । ২৪ জানুৱাৰীত ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি ফেবিঅ' এজেভেডো এই ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত খেলত উপস্থিত থাকিব । লগতে উপস্থিত থাকিব কাৰ্যকৰী সঞ্চালক এলিজাভেট ব্ৰাচট (Elizaveta Bracht) । ৰাছিয়াৰ এলিজাভেটে ছিডনী আৰু এথেন্সত অনুষ্ঠিত অলিম্পিকত দুবাৰকৈ অলিম্পিক পদক অৰ্জন কৰিছিল । ইয়াৰ উপৰি ডঃ ভ্লাডিমিৰ গাৰ্বিক (Dr. Vladimir Garbic) আৰু অৰ্জুন বঁটা বিজয়ী, দ্ৰোণাচাৰ্য বঁটা বিজয়ী শ্যাম সুন্দৰ ৰাও এই প্ৰতিযোগিতাত উপস্থিত থাকিব ।"

অভিজিত ভট্টাচাৰ্যই লগতে কয়, "প্ৰায় ১০ হাজাৰ লোক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ লগত জড়িত হৈ আছে আৰু ৪ হাজাৰ ভলণ্টিয়াৰ্ছ আছে, যিয়ে এই খেলসমূহ তদাৰক কৰি আহিছে । বৰ্তমান অসমৰ ৩২ খন জিলাত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কেন্দ্ৰ আছে, যাৰ ফলস্বৰূপে সাধাৰণ ৰাইজ আৰু এই ভলীবলৰ সদস্যৰ দ্বাৰা খেল অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ ।" ভলীবলৰ লগত বা অন্য কোনো খেলৰ লগত জড়িত নথকা ব্যক্তিয়েও এই খেলৰ আয়োজন কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে ।

তেওঁ কয়, "চাৰিদিনত ৩৫ টা দলৰ ৫০০ খেলুৱৈৰ অংশগ্ৰহণেৰে ৭২ খন খেল অনুষ্ঠিত হ'ব । ১২ বছৰ অনূৰ্ধ্বৰ ল'ৰা আৰু ছোৱালী শাখা আৰু ১৬ বছৰ অনূৰ্ধ্বৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে এই খেল খেলিবলৈ আহিব ।"

ব্ৰহ্মপুত্ৰ ভলীবলৰ উদ্দেশ্য কি

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, "অসমৰ গ্ৰামাঞ্চলত খেলৰ বাতাৱৰণ একেবাৰেই সম্ভৱ নাছিল । কাৰণ গাঁৱৰ উঠি অহা প্ৰজন্মৰ মাজত খেলৰ উৎসাহ থাকিলেও আৰ্থিকভাৱে সবল নহয় । আনহাতে, ভাৰতৰ কোনো খেলতে ১২ বছৰ অনূৰ্ধ্বৰ খেলুৱৈসকলক অন্তৰ্ভুক্ত কৰা নহয় । একমাত্ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে যোৱা ২০১৯ বৰ্ষৰ পৰা এই সুবিধা গাঁৱৰ ল'ৰা-ছোৱালীয়ে লাভ কৰিছে । কম বয়সৰ ল'ৰা-ছোৱালীৰ বাবে ভলীবলৰ আকাৰ সৰুকৈ তৈয়াৰ কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে স্থানীয় গাঁৱৰ যুৱ প্ৰজন্মৰ মাজত অতি কম খৰচী খেল ভলীবলৰ জৰিয়তে ভৱিষ্যৎ নিশ্চিত কৰা ।"

কিমানখন জিলা জড়িত আছে ব্ৰহ্মপুত্ৰ ভলীবলত

এই সন্দৰ্ভত অভিজিত ভট্টাচাৰ্যই কয়, "অসমৰ ৩২ খন জিলা এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ জড়িত হৈ আছে । এই জিলাসমূহক ৮ টা জ'নত বিভক্ত কৰা হৈছে আৰু সমান্তৰালভাৱে ইয়াৰ প্ৰশিক্ষণ প্ৰদান কৰি খেল আৰম্ভ হৈছে ।"

উল্লেখ্য যে ভাৰতীয় ভলীবল দলক প্ৰতিনিধিত্ব কৰা তেজপুৰ চহৰৰ অভিজিত ভাট্টাচাৰ্যই পৰ্তুগালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভলীবল সন্মিলনত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বিষয়ে বিশদভাৱে উপস্থাপন কৰাৰ পিছত সম্প্ৰতি চর্চালৈ আহিছে এই ব্ৰহ্মপুত্ৰ ভলীবলৰ লীগৰ বিষয়ে ।

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰিৱেশ

ভট্টাচাৰ্যই কয়, "বিশ্ব ভলীবলত ভাৰতবৰ্ষৰ স্থান একেবাৰে পিছপৰা । সেই অনুপাতে অসমৰ পিছপৰা ১৭০ খন গাঁৱৰ লোক আৰু ভলীবলৰ অনুৰাগীয়ে ভলীবলক অসমৰ পৰা নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । ফলস্বৰূপে ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি অসমৰ তেজপুৰত অনুষ্ঠিত হ'বলগীয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে ।"

আনহাতে, পৰিৱেশ সজাগতা আৰু ব্যতিক্ৰমী চিন্তাৰে এই ভলীবল লীগ আয়োজন কৰাৰ কথা উল্লেখ কৰি অভিজিত ভট্টাচাৰ্যই কয় যে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কোনো ধৰণৰ বিজ্ঞাপন নাই, নাই কোনো বেনাৰ-পোষ্টাৰ । দৈনিক ১,০০০ লোকৰ সমাগমেৰে খাদ্যৰ বাবে খেলুৱৈসকলে নিজাববীয়াকৈ বাচন-বৰ্তন লৈ আহিব । কোনো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নহয় বা আৱর্জনাৰ সৃষ্টি কৰিব পৰা পৰিৱেশ নাথাকে ।

লগতে পঢ়ক :২০২৪ বৰ্ষত কি কি সফলতা অৰ্জন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ - LAWN BALL PLAYER NAYANMANI SAIKIA
লগতে পঢ়ক :টাইগাৰ শ্ৰফৰ সৈতে মাৰ্চিয়েল আৰ্টছৰ প্ৰশিক্ষণ লোৱা ত্ৰিশূল ভূঞা ওলাইছে কাজাখস্তানলৈ - MARTIAL ARTS PLAYER TRISHUL BHUYAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.