ধুবুৰীত পুৱাতেই শোকাৱহ পথ দুৰ্ঘটনাত নিহত চাৰিটি শিশু
Published : Oct 11, 2024, 11:25 AM IST
ধুবুৰী, 11 অক্টোবৰ: ধুবুৰী জিলাৰ আগমনীৰ সোনাখুলি দ্বিতীয় খণ্ডত পুৱাতেই সংঘটিত হ’ল এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে মহতিয়ালে চাৰি শিশুক ৷ তিনিটি শিশু থিতাতে নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্য়ু ঘটে আন এটি শিশুৰ ৷ নিহত শিশুকেইটি হ’ল মৰিয়ম খাতুন (১০), জুবায়েৰ হুছেইন (৭), মেহেদী হাছান (৫) আৰু আবু ৰিহান (৪০ দিন) ।
ৰাতিপুৱা আবু ৰিহান নামৰ 40 দিনীয়া শিশুটিক কোলাত লৈ তিনিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল । তেনেতে তীব্ৰ বেগত অহা এখন কিয়া ছনেট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকক মহতিয়াই নিয়ে ৷ ঘটনাস্থলীত আগমনী আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰে ৷ পথ দুৰ্ঘটনা সংঘটিত কৰা তীব্ৰবেগী কিয়া ছনেট বাহনখনৰ নম্বৰ AS-17 L-6331 ।
লগতে পঢ়ক: দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ লক্ষ্যৰে আৰম্ভ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ