অখিল গগৈক ১০ লাখ টকা দিলে কাইলৈৰ পৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব: আজমল - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : May 5, 2024, 4:48 PM IST
গোৱালপাৰা, 5 মে’ : তিনি গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷ এইবাৰ তিনি গগৈক গুণ্ডা আখ্যা দিলে আজমলে ৷ তিনি গগৈক 10 লাখ টকা দিলে কাইলৈৰ পৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি মন্তব্য এ আই ইউ ডি এফ প্ৰধানগৰাকীৰ ৷
আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন ৷ আজিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত তীব্ৰ প্ৰচাৰ চলাইছে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে ৷ আজি 12 নং জলেশ্বৰ সমষ্টিৰ চুনাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই তিনি গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বদৰুদ্দিন আজমল ৷ আজমলে কয় যে, লুৰীণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ গুণ্ডা ৷ লগতে অখিল গগৈক আজি দহ লাখ টকা দিলে কাইলৈৰ পৰা তেওঁলোকে ৰকিবুলৰ হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি মন্তব্য কৰে আজমলে ৷ এই সভাত চতুৰ্থবাৰৰ বাবে সাংসদ নিৰ্বাচিত হ’ব বুলি দাবী কৰে তেওঁ ৷
লগতে পঢ়ক : কংগ্ৰেছৰ দিনতে আটাইতকৈ বেছি জে’ললৈ গৈছিলো- কিয় ক’লে অখিল গগৈয়ে - LOK SABHA ELECTION 2024