অসম

assam

চন্দ্ৰপুৰত শিহৰণকাৰী ঘটনা : ভাত খাবলৈ মাতি বন্ধুক ডিঙি ৰেপি হত্যাৰ চেষ্টা বন্ধুৰ - ATTEMPT TO MURDER

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:52 PM IST

বন্ধুক ডিঙি ৰেপি হত্যাৰ চেষ্টা (প্ৰতিনিধিত্বমূলক ছবি (IANS Photo))

গুৱাহাটী, 12 আগষ্ট : মহানগৰীৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ বন্ধুক ঘৰলৈ ভাত খাবলৈ মাতি ডিঙি ৰেপি হত্যাৰ চেষ্টা আন এজন বন্ধুৰ ৷ চন্দ্ৰপুৰ সুতাকলত সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

জানিব পৰা মতে ৰূপক কলিতা নামৰ যুৱকজনে শুভাংকৰ বসু নামৰ বন্ধুজনক ভাত খাবলৈ নিজৰ ঘৰলৈ মাতি নিছিল ৷ ভাত খাই উঠাৰ পিছত দুয়োজন বন্ধুৰ মাজত কোনো কথাক লৈ মতবিৰোধ ঘটে ৷ এনে বাক-বিতণ্ডাৰ মাজতে ৰূপক কলিতা নামৰ যুৱকজনে শুভাংকৰৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে ৷ পিচত স্থানীয় একাংশ যুৱকে পথৰ দাঁতিত তেজেৰে তুমুৰুলি হৈ পৰি থকা অৱস্থাত পাই যুৱকজনক উদ্ধাৰ কৰি ততালিকে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ 

কিছু সময়ৰ পিছত প্ৰাগজ্যোতিষপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱকজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত ৰূপক কলিতাই ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : শোৱাপাটীতে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে বিবাহিত যুৱকক - Sensational Murder

ABOUT THE AUTHOR

...view details