অসম

assam

ETV Bharat / videos

ন্যায্য প্ৰাপ্তিৰ দাবীত নাহৰকটীয়াত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ - সংহত শিশু উন্নয়ন প্ৰকল্প কৰ্মী

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 1:13 PM IST

মৰাণ, 1 মাৰ্চ : অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত অচল ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰৰ পাঠদান । চৰকাৰে এক প্ৰকাৰে চমক সৃষ্টি কৰি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও এতিয়া কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা কর্মী-সহায়িকাই নিজৰ অধিকাৰ বিচাৰি প্ৰতি দিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

মাননি বৃদ্ধিৰ দাবীত গুৱাহাটীৰ চচলত সংহত শিশু উন্নয়ন প্ৰকল্প কৰ্মী অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলে 15 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি থকাৰ সমান্তৰাল কৈ শুকুৰবাৰে নাহৰকটীয়াতো প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে । আজি জয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে আৰু সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধিৰ দাবীত অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী মোদীৰ 'সবকা সাথ সব কা বিকাশ' নীতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৷ উল্লেখযোগ্য যে, অংগনবাড়ী কৰ্মীক 10000 টকা আৰু সহায়িকাক 7000 টকা প্ৰদান, গ্ৰেছুয়েটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী তথা সহায়িকাসকলৰ এককালীন সাহাৰ্য প্ৰদানৰ দাবীত এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত মাকুমত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details