মিছন বসুন্ধৰা ২ আঁচনিৰ নামত লাট মণ্ডলে লুটিলে কোটি টকা - Lat Mandal Basundhara scam
Published : Mar 6, 2024, 1:30 PM IST
ওদালগুৰি, ৬ মাৰ্চ : মিছন বসুন্ধৰা 2 আঁচনিৰ নামত লুটিলে কোটি কোটি টকা । বৰ্তমানৰ চৰকাৰে ভূমিহীনসকলৰ বাবে গ্ৰহণ কৰা আঁচনি মিছন বসুন্ধৰাত সংঘটিত হৈছে কোটি টকীয়া দুৰ্নীতি । গাঁও পঞ্চায়তৰ সদস্য় আৰু লাট মণ্ডলে মিলি সংঘটিত কৰিলে এই ঘটনা । আনকি ভুক্তভোগসকলে সুত আৰু মাটি বিক্ৰী কৰি টকা দিব লগা হৈছিল লোকেশ চন্দ্ৰ বড়ো আৰু লাট মণ্ডলক । বাদ পৰি যোৱা নাই বিধৱা মহিলাও ।
উল্লেখ্য যে পূৰ্বৰ কলাইগাওঁ বিধানসভা সমষ্টি আৰু বৰ্তমান দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবাৰী হাবিৰ বড়ো চুবাত সংঘটিত হৈছে এই দুৰ্নীতি । এই অঞ্চলৰ লাট মণ্ডল নৱ নাথ আৰু পাণবাৰী গাঁও পঞ্চায়তৰ সদস্য লোকেশ চন্দ্ৰ বড়োই একাংশ সহজ-সৰল লোকৰ পৰা প্ৰতিবিঘা মাটি আঁচনিত অন্তৰ্ভুক্ত কৰাৰ নামত চল্লিশ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল । এই টকা নিদিলে মাটি আঁচনিত অন্তৰ্ভুক্ত নহ'ব বুলি ভয় ভাবুকিৰে দুখীয়া শ্ৰেণীৰ লোকৰ পৰা কোটি টকা সংগ্ৰহ কৰিছিল । কিন্তু এই লোকসকলক দিয়া কথা মতে কাম নোহোৱাত ক্ষুব্ধ হৈ পৰে গাঁওবাসী ।
লগতে পঢ়ক:কলগাছিয়াত শৌচালয়ৰ নামত ধন সংগ্ৰহ কৰা প্ৰাক্তন পঞ্চায়ত সদস্যাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ