অসম

assam

ETV Bharat / videos

কলিয়াবৰৰ শিলঘাটত বিদেশী পৰ্যটকে নাচিলে বিহু - FOREIGN TOURISTS IN KALIABOR

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 2:19 PM IST

কলিয়াবৰ: প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে । লুইতৰ বুকুৰে জাহাজত আহি বিদেশী পৰ্যটক উপস্থিত হৈছে কলিয়াবৰত । সোমবাৰে আৰ ভি কিণ্ডত পাণ্ডৱত আহি শিলঘাটত লংগৰ পেলোৱাৰ পাছত শিলঘাটৰ লুইতপৰীয়া গাঁও ফুৰিবলৈ ওলাল বিদেশী পৰ্যটক । গাঁৱৰ মানুহৰ ঘৰত গৈ বহি পৰ্যটকে বুজ ল’লে গ্ৰামাঞ্চলৰ পৰিৱেশৰ ।  

কলিয়াবৰৰ শিলঘাট জাহাজঘাটত বিদেশী পৰ্যটকে কোলাত তুলি ল’লে ছাগলী পোৱালি । কণমানি ছাত্ৰীয়ে বিদেশী পৰ্যটকক গামোচা পিন্ধাই আদৰণি জনাই হাতত ধৰি নচুৱালে বিহু । অসমীয়া মাধ্যমত পঢ়া দুই কণমানিয়ে বিদেশী পৰ্যটকৰ লগত ইংৰাজী ভাষাতে কথা পাতি গাঁৱৰ পৰিৱেশৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে । ইউৰোপৰ পৰা অহা ১৪ গৰাকী বিদেশী পৰ্যটকৰ দলটোৱে কলিয়াবৰৰ শিলঘাট-ৰৱৰবাৰী গাঁও পৰিদৰ্শন কৰি আনন্দ লাভ কৰে ।

লগতে পঢ়ক:কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ

ঢোলৰ ছেৱত কাজিৰঙাত কঁকাল ভাঙিলে জাৰ্মানীৰ পৰ্যটকে - Rongali bihu 2024

ABOUT THE AUTHOR

...view details