অসম

assam

ETV Bharat / technology

ইছৰোৰ আন এক সফলতা; সফলতাৰে সম্পন্ন কৰিলে মহাকাশত ডকিং প্ৰক্ৰিয়া - ISRO SUCCESSFULLY DOCKS SATELLITES

ইছৰোৰ আন এক কৃতিত্ব । মহাকাশত দুটা উপগ্ৰহ ডকিং প্ৰক্ৰিয়া সফল হৈছে বুলি ইছৰোৱে X যোগে জনায় ।

ISROs SpaDeX mission accomplishes historic docking success.
ইছৰোৰ আন এক সফলতা; সফলতাৰে সম্পন্ন কৰিলে মহাকাশত ডকিং প্ৰক্ৰিয়া (ETV Bharat via ISRO)

By ETV Bharat Tech Team

Published : Jan 16, 2025, 11:11 AM IST

হায়দৰাবাদ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই আজি পুনৰবাৰ ৰচিলে আন এক ইতিহাস । ইছৰোৱে SPADEX (Space Docking Exercise) অভিযানৰ অধীনত দুটা উপগ্ৰহ ডক কৰাৰ প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰিছে । আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত ।

ইছৰোৰ প্ৰতিক্ৰিয়া

ইছৰোই X ত এক পোষ্টযোগে কয়, "মহাকাশযান ডকিং প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ হৈছে । এয়া এক ঐতিহাসিক মুহূৰ্ত । মহাকাশ ইতিহাসত ভাৰতে নিজৰ নাম লিপিৱদ্ধ কৰিলে ! এই মুহূৰ্তটোৰ সাক্ষী হৈ আমি গৌৰৱান্বিত ! সফল মহাকাশ ডকিং লাভ কৰা ভাৰত হৈছে চতুৰ্থখন দেশ । সমগ্ৰ দল আৰু ভাৰতলৈ অভিনন্দন ।"

স্পাডেক্স মিছনৰ তাৎপৰ্য

2024 চনৰ 30 ডিচেম্বৰত ইছৰোৱে স্পাডেক্স মিছন উৎক্ষেপণ কৰিছিল । ইয়াৰ দ্বাৰা দুটা সৰু উপগ্ৰহ - SDX01 (Chaser) আৰু SDX02 (Target) পৃথিৱীৰ নিম্ন কক্ষপথত উৎক্ষেপণ কৰা হৈছিল । এই অভিযান আছিল ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ বাবে ডকিং প্ৰযুক্তি প্ৰদৰ্শন কৰা ।

চন্দ্ৰযান-4 ৰ দৰে অভিযানত ডকিং প্ৰযুক্তিৰ প্ৰয়োজন । চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ই গুৰুত্বপূৰ্ণ । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ‘ভাৰতীয় মহাকাশ কেন্দ্ৰ’ স্থাপনৰ বাবেও এই প্ৰযুক্তি গুৰুত্বপূৰ্ণ । 2028 চনৰ ভিতৰত ইয়াক মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ।

ডকিং প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰত্যাহ্বান

দুয়োটা উপগ্ৰহকে প্ৰথমে অভিযানৰ অধীনত 20 কিলোমিটাৰ দূৰত্বত ৰখা হৈছিল । তাৰ পিছত চেজাৰ উপগ্ৰহটোৱে লক্ষ্য উপগ্ৰহৰ কাষ চাপি 5 কিলোমিটাৰ, 1.5 কিলোমিটাৰ, 500 মিটাৰ, 225 মিটাৰ, 15 মিটাৰ আৰু শেষত 3 মিটাৰ দূৰত্ব অতিক্ৰম কৰে । ইয়াৰ পিছত দুয়োটা উপগ্ৰহ একেলগে সংযোগ কৰা হ’ল । ডক কৰাৰ পিছত উপগ্ৰহসমূহৰ মাজত শক্তি স্থানান্তৰ কৰা হৈছিল । তাৰ পিছত দুয়োকে পৃথক কৰি নিজৰ নিজৰ পেলোড অপাৰেচন আৰম্ভ কৰা হ’ল ।

দুটা সৰু উপগ্ৰহ ব্যৱহাৰ কৰি মহাকাশত ডকিং প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে 2024 বৰ্ষৰ 30 ডিচেম্বৰত শ্ৰীহৰিকোটাৰ পৰা পিএছএলভি-চি60 ত উৎক্ষেপণ কৰা হৈছিল । প্ৰথমে 2025 চনৰ 7 জানুৱাৰীৰ দুপৰীয়াৰ ভাগত ডকিং হোৱাৰ সম্ভাৱনা আছিল যদিও প্ৰত্যাহ্বানৰ বাবে দুবাৰকৈ পিছুৱাই দিয়া হৈছিল এই প্ৰক্ৰিয়া ।

ভৱিষ্যতৰ পৰিকল্পনা

চন্দ্ৰযান-4 অভিযানত ডকিং আৰু আনডকিং প্ৰক্ৰিয়াই মূল ভূমিকা পালন কৰিব । এই অভিযানত পৃথক পৃথক উৎক্ষেপণ বাহনৰ দ্বাৰা দুটা মডিউল উৎক্ষেপণ কৰা হ’ব । এইবোৰ জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (জিটিঅ’)ত ডক হ’ব । ডকিং প্ৰযুক্তিৰ সহায়ত চন্দ্ৰত নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনা হ’ব ।

ইয়াৰ উপৰিও মানৱ অভিযান আৰু মহাকাশ কেন্দ্ৰৰ বাবেও এই প্ৰযুক্তি বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে । স্পাডেক্স অভিযানৰ সফল ডকিং টেষ্টে ভাৰতক মহাকাশ বিজ্ঞানৰ আন এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰাত সহায় কৰিছে । এই অভিযান ভৱিষ্যতে ইছৰোৰ অভিলাষী মহাকাশ অভিযানৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ।

লগতে পঢ়ক: ইছৰোৱে পিছুৱালে ঐতিহাসিক মহাকাশ ডকিঙৰ সময়; পৰৱৰ্তী দিন কেতিয়া?

SpaDeX Mission: শীঘ্ৰেই চূড়ান্ত ডকিং প্ৰক্ৰিয়া প্ৰদৰ্শনৰ আশা প্ৰকাশ ইছৰোৰ

ইছৰোৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ বিশিষ্ট বিজ্ঞানী ভি নাৰায়ণনৰ

ABOUT THE AUTHOR

...view details