হায়দৰাবাদ: প্ৰতি বছৰৰ দৰে এইবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’ৰ আয়োজন কৰা হৈছে, যিটো দেশৰ আটাইতকৈ বৃহৎ অটো শ্ব’ । প্ৰতি বছৰে ভাৰতৰ লগতে বিদেশৰ সুপৰিচিত বাহন নিৰ্মাতা প্ৰতিষ্ঠানে অটো এক্সপ’ত অংশগ্ৰহণ কৰি নিজৰ বাহন তথা সামগ্ৰীবোৰ প্ৰদৰ্শন কৰে । ইণ্ডিয়া মবিলিটি এক্সপ’ 2025 ত অটো এক্সপ’, টায়াৰ শ্ব’, বেটাৰী শ্ব’, ম’বিলিটি টেক, ষ্টীল ইনোভেচন আৰু ইণ্ডিয়া চাইকেল শ্ব’ আদি অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াত আমি আপোনালোকক ক'ম ইণ্ডিয়া মবিলিটি এক্সপ' 2025 ৰ বিষয়ে ।
ভাৰত মবিলিটি এক্সপ' 2025 ৰ দিন
চলিত মাহৰ 17 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব 2025 বৰ্ষৰ ভাৰত মবিলিটি এক্সপ’ 2025 । কাৰ্যসূচীৰ প্ৰথম দিনটো কেৱল সংবাদ মাধ্যমৰ বাবেহে সংৰক্ষিত কৰা হৈছে । 18 জানুৱাৰীত সংবাদ মাধ্যম আৰু ডিলাৰ উভয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব । ইয়াৰ পিছত 19 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ ভাৰত মবিলিটি এক্সপ’ 2025 সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব ।
ভাৰত মবিলিটি এক্সপ’ 2025ৰ টিকট ক’ত উপলব্ধ
ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ 2025 ত দৰ্শকৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ’ব । পঞ্জীয়নৰ বাবে ইচ্ছুক দৰ্শকে www.bharat-mobility.com ৰ দৰ্শনৰ পঞ্জীয়ন বিভাগলৈ গৈ সবিশেষ তথ্য পূৰণ কৰিব লাগিব ।
ক’ত অনুষ্ঠিত হ’ব ভাৰত মবিলিটি এক্সপ’ 2025?
আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ভাৰত মবিলিটি এক্সপ’ 2025 তিনিটা ভিন্ন স্থানত আয়োজন কৰা হ’ব । প্ৰথম স্থান ভাৰত মণ্ডপাম, প্ৰগতি ময়দান, দ্বিতীয় স্থান যশোভূমি, দ্বাৰকা আৰু তৃতীয় স্থান ইণ্ডিয়া এক্সপ’ চেণ্টাৰ এণ্ড মাৰ্ট, গ্ৰেটাৰ নয়ডা । প্ৰথম দুটা স্থান নতুন দিল্লীত থকাৰ বিপৰীতে আন এটা স্থান উত্তৰ প্ৰদেশত । মন কৰিবলগীয়া যে এই সকলোবোৰ স্থানলৈ ৰাজহুৱা পৰিবহণেৰে সহজে যাব পাৰি ।
নতুন দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপামত অটো এক্সপ’, টায়াৰ শ্ব’, বেটাৰী শ্ব’, মবিলিটি টেক, ষ্টীল ইনোভেচন আৰু ইণ্ডিয়া চাইকেল শ্ব’ৰ আয়োজন কৰা হ’ব । ইয়াৰ উপৰিও 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লীৰ দ্বাৰকাৰ যশোভূমিত অটো এক্সপ’ কম্পোনেণ্টছ শ্ব’ 2025 ৰ আয়োজন কৰা হ’ব । যিটো 19 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ।
ভাৰত মবিলিটি এক্সপ’ 2025 ত কোন কোন কোম্পানীয়ে অংশগ্ৰহণ কৰিছে?
অটো এক্সপ’ 2025 ৰ মূল লক্ষ্য হ’ব বৈদ্যুতিক বাহন, কনচেপ্ট বাহন, বহনক্ষমতা আৰু উন্নত প্ৰযুক্তি । গাড়ী নিৰ্মাণ কোম্পানী মাৰুতি চুজুকি, হুণ্ডাই, টাটা মটৰ্ছ, মহিন্দ্ৰা, পৰ্ছে, ফক্সৱেগেন, স্কোডা, টয়োটা, মাৰ্চিডিজ বেঞ্জ, বিএমডব্লিউ, অ’ডি, ভিনফাষ্ট, বিৱাইডি, এমজি মটৰ আদি কোম্পানীসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব ।
দুচকীয়া বাহন নিৰ্মাণ কোম্পানীৰ কথা ক’বলৈ গ’লে এই তালিকাত চুজুকি, হিৰো মট’কৰ্প, টিভিএছ মটৰ কোম্পানী, হোণ্ডা মটৰ চাইকেল ইণ্ডিয়া, বাজাজ অটো, কেটিএম আদি কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছে । এই সকলোবোৰ কোম্পানীয়ে তেওঁলোকৰ আগন্তুক সামগ্ৰীৰ লগতে কনচেপ্ট মডেলও উপস্থাপন কৰিব । ইয়াৰ উপৰিও কিছুমান বৈদ্যুতিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানীসমূহৰ ভিতৰত আছে অলা ইলেক্ট্ৰিক, আথাৰ এনাৰ্জী, আল্ট্ৰাভায়োলেট আৰু অকিনাৱাৰ দৰে কোম্পানী ।
কোনবোৰ দিশলৈ গুৰুত্ব দিয়া হ’ব
ভাৰত মবিলিটি এক্সপ’ 2025 ত বহু চাৰিচকীয়া আৰু দুচকীয়া বাহন মুকলি কৰা হ’ব । এই বাহনসমূহ বিভিন্ন ছেগমেণ্টত মুকলি কৰা হ’ব । চাৰিচকীয়া বাহনৰ কথা ক’বলৈ গ’লে এই অনুষ্ঠানত আছে মাৰুতি চুজুকি ই ভিটাৰা, হুণ্ডাই ক্ৰেটা ইলেক্ট্ৰিক, টাটা ছিয়েৰা ইভি, ভিনফাষ্ট VF7, ভিনফাষ্ট VF9, বিৱাইডি ছিলিয়ন 7, এমজি চাইবাৰষ্টাৰ, এমজি M9 ।
দুচকীয়া বাহনৰ মুকলিৰ কথা ক’বলৈ গ’লে হিৰো Xoom 125R, Hero Xoom 160R, টিভিএছৰ নতুন এডভেঞ্চাৰ মটৰ চাইকেল আৰু বাজাজ অটোৰ দ্বিতীয়খন চিএনজি মটৰ চাইকেল মুকলি কৰিব পাৰে ।