অসম

assam

ETV Bharat / state

৯ দিন অতিক্ৰম; সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ - TINSUKIA TEA FACTORY STAFF KIDNAP

Tinsukia kidnap case: ৫ নৱেম্বৰলৈকে অপহৃত কৰ্মচাৰীৰ সন্ধান নোলালে চাহ ফেক্টৰীৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দল-সংগঠনৰ ।

Tinsukia kidnap case
৯ দিন অতিক্ৰম;সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 8:58 AM IST

তিনিচুকীয়া : ৯ দিনে কোনো শুংসূত্ৰ ওলোৱা নাই তিনিচুকীয়া জিলাৰ জাগুনৰ ১০ মাইলস্থিত ৰাধা চেতিয়াৰ মালিকাধীন হিমালয়ান টি কোম্পানী নামৰ চাহ উদ্যোগটোত কৰ্মৰত যুৱ কৰ্মচাৰী তথা মহৰী গৌতম বসুমতাৰীৰ । ২৩ অক্টোবৰৰ নিশা প্ৰায় ১০ বজাত জাগুনৰ উক্ত চাহ ফেক্টৰীটোৰ পৰাই ৫-৬ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি লৈ গৈছিল গৌতমক ।

তাৰ পাছতে পুৱা তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত আৰক্ষী-সেনাৰ বৃহৎ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু সন্ধানহীন যুৱকজনক বিচাৰি অভিযান আৰম্ভ কৰে । কিন্তু এই অভিযান এতিয়ালৈ সফল হোৱা নাই ।

৯ দিন অতিক্ৰম;সন্ধান নাই অপহৃত চাহ ফেক্টৰীৰ কৰ্মচাৰীৰ (ETV Bharat)

ঘটনাটোৱে ৯ দিন অতিক্ৰম কৰিলে যদিও আজি পৰ্যন্ত কোনো বিদ্ৰোহী সংগঠনেও দায়িত্ব স্বীকাৰ কৰা নাই । অৱশ্যে এই ঘটনাত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ কৰা হৈছে ।

পৰিয়ালৰ আহ্বান

ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে গৌতম বসুমতাৰীৰ সন্ধান নোলোৱাত দুখত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । উপাৰ্জনৰ একমাত্ৰ ভৰসা গৌতমৰ নিৰুদ্দেশে পৰিয়ালটোক সমস্যাত পেলাইছে । যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে আৰক্ষীক শীঘ্ৰে গৌতমক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে । লগতে কোনো বিদ্ৰোহী সংগঠন যদি এই ঘটনাত জড়িত আছে শীঘ্ৰে তেওঁক মুক্তি দিবলৈও কাতৰ আহ্বান জনাইছে গৌতমৰ পৰিয়ালে ।

জাতীয় সংগঠনৰ হুংকাৰ

এনে পৰিস্থিতিত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিছে বড়ো সাহিত্য সভা, সদৌ অসম গোর্খা ছাত্ৰ সন্থা, মেচ কছাৰী ছাত্ৰ সন্থা আদিকে ধৰি স্থানীয় বিভিন্ন দল-সংগঠন । গৌতমৰ পৰিয়ালটোক সাক্ষাৎ কৰি সংগঠনৰ নেতাসকলকে পৰিস্থিতিৰ বুজ লৈছে । লগতে এই ক্ষেত্ৰত আৰক্ষীক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনাইছে সংগঠনৰ নেতাসকলে ।

ইফালে আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি যদি সংগঠনটোৱে গৌতম বসুমতাৰীক অপহৰণ কৰিছে তেনেহ'লে দৰিদ্ৰ পৰিয়ালটোৰ কথা চিন্তা কৰি তেওঁক শীঘ্ৰে মুকলি কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে ।

গৌতমে কাম কৰি থকা চাহ ফেক্টৰীটোৰ স্বত্বাধিকাৰী ৰাধা চেতিয়াকো ৫ নৱেম্বৰলৈকে গৌতম বসুমতাৰীক মুকলি কৰি অনাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । অন্যথা ৬ নৱেম্বৰৰ পৰা ৰাধা চেতিয়াৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক :ফেক্টৰীৰ কৰ্মচাৰীক অপহৰণ; অপহৰণৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত

ABOUT THE AUTHOR

...view details