ছিডনী : অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ বেটিং বিপৰ্যয় অব্যাহত আছে । ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পঞ্চম টেষ্টত ভাৰতৰ প্ৰথম ইনিংছ ১৮৫ ৰাণতে থমকি ৰয় । চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পুনৰবাৰ ভাৰতৰ শীৰ্ষ ক্ৰমৰ ৪ গৰাকী বেটছমেন ব্যৰ্থ হয় । এই শৃংখলাত যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গিল আৰু বিৰাট কোহলীয়ে কোনো ধৰণৰ ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হৈছে ।
উল্লেখ্য যে ৰোহিত শৰ্মাই ছিডনী টেষ্টৰ মূল একাদশৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লয় । পঞ্চম টেষ্টত টীম ইণ্ডিয়াক যশপ্ৰীত বুমৰাহে নেতৃত্ব দিয়ে । বুমৰাহে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । অৱশ্যে দলৰ বেটিং লাইনে পুনৰবাৰ হতাশ কৰে আৰু প্ৰথম ইনিংছত সমগ্ৰ দলটোৱে মাত্ৰ 185 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । বেটছমেনসকলৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে শৃংখলাটোত পুনৰ এবাৰ মেচখন বচাবলৈ বলাৰসকলৰ ওপৰত চাপ পৰিব ।
- 40 runs by Pant.
— Johns. (@CricCrazyJohns) January 3, 2025
- 26 runs by Jadeja.
- 22 runs by Bumrah.
VALUABLE RUNS FOR INDIA IN THE CONTEXT OF THE SERIES 🇮🇳 pic.twitter.com/IS2PY5sQX2
ভাৰতৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ আহে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলৰ অপেনিং যুটি । অনুৰাগীসকলে দুয়োগৰাকী বেটাৰৰ পৰা এক ভাল আৰম্ভণি আশা কৰিছিল । কিন্তু সেয়া নহ'ল । মিচেল ষ্টাৰ্কে কে এল ৰাহুলক (৪) পেভিলিয়নৰ পথ দেখুৱাই ভাৰতক প্ৰথমটো আঘাত দিয়ে । যশস্বী জয়ছোৱালেও বেছি সময় ক্ৰীজত টিকি থকাৰ ধৈৰ্য দেখুৱাব নোৱাৰিলে আৰু মাত্ৰ ১০ ৰাণৰ ব্যক্তিগত স্ক'ৰত স্কট বোলেণ্ডৰ চিকাৰ হয় ।
এই দুয়োগৰাকী অপেনাৰৰ প্ৰস্থানৰ পিছত বিৰাট কোহলী আৰু শুভমন গিলৰ মাজত এক ভাল পাৰ্টনাৰশ্বিপ গঢ়ি উঠিবলৈ আৰম্ভ কৰিছিল । কিন্তু মধ্যাহ্নভোজনলৈ মাত্ৰ এটা বল বাকী থকা অৱস্থাত অভিজ্ঞ স্পিনাৰ নাথান লিঅ'নে গিলক (২০) শ্লিপত ষ্টিভ স্মিথৰ হাতত কেচ কৰোৱাই ভাৰতৰ তৃতীয়টো আৰু ব্যক্তিগত প্ৰথমটো উইকেট হস্তগত কৰে । মধ্যাহ্ন ভোজনলৈকে ভাৰতৰ স্ক'ৰ আছিল ৩ উইকেটৰ বিনিময়ত ৫৭ ৰাণ ।
CAPTAIN JASPRIT BUMRAH AT SCG 🐐 pic.twitter.com/AYgMr5vd6v
— Johns. (@CricCrazyJohns) January 3, 2025
সপ্তমবাৰৰ বাবে উইকেটৰ পিছফালে নিজৰ উইকেট বিসৰ্জন কোহলীৰ
বিৰাট কোহলীয়েও একে ভুলৰ পুনৰাবৃত্তি কৰি পুনৰবাৰ উইকেটৰ পিছফালে নিজৰ উইকেট বিসৰ্জন দিয়ে । ভাৰতৰ সোঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে অফ ষ্টাম্পৰ লাইনৰ বাহিৰলৈ যোৱা বলৰ পিচা কৰিবলৈ গৈ শ্লিপত সহজ কেছ তুলি দিয়ে । স্কট বোলেণ্ডৰ বলত কোহলীয়ে ১৭ ৰাণৰ ব্যক্তিগত স্ক'ৰত তৃতীয় শ্লিপত কেছ দিয়ে । চলিত শৃংখলাটোত তেওঁ একেৰাহে সপ্তমবাৰৰ বাবে এনেদৰে আউট হয় ।
সৰ্বাধিক ৰাণ সংগ্ৰহ পন্তৰ
ভাৰতৰ বাওঁহতীয়া উইকেটৰক্ষক বেটছমেন ঋষভ পন্ত হৈছে প্ৰথম ইনিংছত ভাৰতৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী । পন্তে ৯৮ টা বলত ৪০ ৰাণৰ এক যুঁজাৰু ইনিংছ উপহাৰ দিয়ে । তেওঁৰ ইনিংছটো ৩ টা চাৰি আৰু এটা ছয়েৰে সজায় । আনহাতে, ৰবীন্দ্ৰ জাদেজায়ো ২৬ ৰাণৰ অৱদান আগবঢ়ায় । ভাৰতৰ দুৰ্বল বেটিঙৰ এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ৪ গৰাকী খেলুৱৈয়ে দহকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে ।
A six so big the ground staff needed a ladder to retrieve it!#AUSvIND pic.twitter.com/oLUSw196l3
— cricket.com.au (@cricketcomau) January 3, 2025
যশপ্ৰীত বুমৰাহৰ মাৰমুখী ২২ ৰাণ
ইফালে ইনিংছৰ শেষৰ ফালে ভাৰতীয় অধিনায়ক যশপ্ৰীত বুমৰাহে তেওঁৰ বেটৰ জৰিয়তে কিছু সময়ৰ বাবে হ'লেও গৰজি উঠে আৰু ২২ ৰাণৰ এক ধুমুহাৰ গতিৰ ইনিংছ খেলি ভাৰতৰ স্ক'ৰ ১৫০ ৰ ওপৰলৈ লৈ যায় । বুমৰাহে ৩টা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭ টা বলত দ্ৰুততাৰে ২২ ৰাণ সংগ্ৰহ কৰে ।
আনহাতে, প্ৰথম ইনিংছ মুকলি কৰিবলৈ অষ্ট্ৰেলিয়াৰ হৈ ক্ৰীজত নামে ওছমান খোৱাজা আৰু নৱাগত ছেম কনষ্টাছ । প্ৰথম দিনৰ খেল সমাপ্ত হোৱাৰ সময়ত অষ্ট্ৰেলিয়াই ওছমান খোৱাজাৰ উইকেট হেৰুৱাই ৯ ৰাণ সংগ্ৰহ কৰে । বুমৰাহৰ দখললৈ যায় খোৱাজাৰ উইকেট ।
That's Lunch on Day 1 of the 5th Test.
— BCCI (@BCCI) January 3, 2025
India 57/3
Scorecard - https://t.co/NFmndHLfxu… #AUSvIND pic.twitter.com/c3V8T8T8rc
স্কট বোলেণ্ড হৈছে কেংগাৰু বাহিনীৰ আটাইতকৈ সফল বলাৰ । তেওঁ ৫ টা উইকেট দখল কৰে । ইয়াৰ লগে লগে তেওঁ ১৯৭৫ চনৰ পৰা ৫০ টা টেষ্ট উইকেট দখল কৰা আটাইতকৈ জ্যেষ্ঠ ফাষ্ট বলাৰ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰি মিচেল ষ্টাৰ্কেও ৩ টা সফলতা লাভ কৰে । অধিনায়ক পেট কামিন্সেও দুটা উইকেট দখল কৰে।