তিনিচুকীয়া, 25 মাৰ্চ : 33 দিনৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ সংযুক্ত মুক্তি বাহিনী অসমে অপহৰণ কৰি লৈ যোৱা তিনি ব্যক্তি ৷ মুকলি আকাশৰ তললৈ অহাৰ পাচতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অপহৃত 3 শ্ৰমিকে ৷ আলফা শিবিৰৰ শিহৰণকাৰী অভিজ্ঞতা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰে অপহৃত 3 শ্ৰমিকে ৷
উল্লেখ্য যে, সকলো চিন্তা-দুশ্চিন্তাৰ অন্ত পেলাই সুদীৰ্ঘ 33 দিনৰ অন্তত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহে অপহৃত 3 শ্ৰমিক ৷ জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক আলফা স্বাধীনে নামপুঙৰ লুংভি বস্তিৰ সমীপত মুকলি কৰি দিয়ে শুকুৰবাৰৰ পুৱা ৷ তিনি অপহৃত ব্যক্তিক অৰুণাচল প্ৰদেশৰ মানমৌস্থিত আৰক্ষী থানাত ৰখাৰ পাচত শনিবাৰে গতাই দিয়া হয় অসম আৰক্ষীক ৷
ব্যক্তিকেইজনক উদ্ধাৰৰ ক্ষেত্ৰত অৰুণাচল আৰক্ষীক সহযোগ কৰে 10 নং অসম ৰাইফলৰ জোৱানে ৷ তিনিওগৰাকীকে অৰুণাচল আৰক্ষীৰ নামপুং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজৰ তত্ত্বাৱধানত স্বাস্থ্য পৰীক্ষা কৰোৱাই সোধপোছ অব্যাহত ৰাখে ৷