ETV Bharat / international

দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত লেবাননত নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ - LEBANON NEW PRESIDENT

২০২২ চনৰ পৰা ৰাষ্ট্ৰপতিৰ আসন খালী হৈ আছিল । সেনা প্ৰধান জোছেফ আউন নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ।

Lebanon Army Chief Joseph Aoun
দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত লেবাননত নতুন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ (ANI)
author img

By ANI

Published : Jan 10, 2025, 9:17 AM IST

বেইৰুট (লেবানন): লেবাননৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল সেনা প্ৰধান জোছেফ আউন । লেবাননৰ সংসদে বৃহস্পতিবাৰে জোছেফ আউনক দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰে । যাৰ ফলত দীৰ্ঘদিনীয়া ৰাজনৈতিক অচলাৱস্থা আৰু খালী হৈ থকা ৰাষ্ট্ৰপতিৰ পদ পূৰণ হয় । চিএনএনৰ বাতৰি অনুসৰি আমেৰিকা আৰু চৌদি আৰবে তেওঁক সমৰ্থন কৰে । আউনক দুটা পৰ্যায়ৰ ভোটদানৰ পিছতে নিৰ্বাচিত কৰা হয় । লক্ষণীয়ভাৱে ৱাশ্বিংটন আৰু ৰিয়াধৰ সৈতে আউনৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি জনা যায় ।

লেবাননৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত

নিৰ্বাচনৰ পিছত আউনে তেওঁৰ সামৰিক ভূমিকাৰ পৰা আঁতৰি যায় আৰু শপতগ্ৰহণ কৰিবলৈ অসামৰিক পোছাক পৰিধান কৰি সংসদত উপস্থিত হয় । তেওঁৰ শপতগ্ৰহণৰ ভাষণত, আউনে লেবাননৰ বাবে এক ‘‘নতুন যুগ’’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে আৰু দেশখনৰ চলিত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকট সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ ৰাজ্যিক কৰ্তৃত্বৰ অধীনত ‘‘অস্ত্ৰ-শস্ত্ৰৰ একচেটিয়া অধিকাৰ’’ৰ এক বিৰল প্ৰতিশ্ৰুতি দিয়ে । যাক লেবাননত গুৰুত্বপূৰ্ণ সামৰিক প্ৰভাৱ থকা ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী গোট হিজবুল্লাহক বাধা দিয়াৰ তেওঁৰ অভিপ্ৰায়ৰ ইংগিত বুলি ধৰা হৈছে ।

লক্ষণীয়ভাৱে, ইজৰাইলৰ সৈতে শেহতীয়া যুদ্ধত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ পূৰ্বে মধ্য প্ৰাচ্যৰ আটাইতকৈ শক্তিশালী সশস্ত্ৰ সন্ত্ৰাসবাদী গোট হিজবুল্লাহৰ কেইবাখনো দেশত গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল । এই সংঘৰ্ষৰ লগতে মিত্ৰ দেশ ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল-আছাদ দুৰ্বল হোৱাৰ ফলত সংগঠনটোক নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত ঘৰুৱা প্ৰচেষ্টা পুনৰ আৰম্ভ হৈছে ।

আমেৰিকাৰ মধ্যস্থতাত নৱেম্বৰত স্বাক্ষৰিত হোৱা যুদ্ধবিৰতি চুক্তিয়ে ইজৰাইলৰ সৈতে সীমান্ত অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ চৰ্ত দি হিজবুল্লাহৰ স্থিতি অধিক দুৰ্বল কৰি তোলে আৰু চিএনএনৰ প্ৰতিবেদন অনুসৰি ইজৰাইলী বাহিনীয়ে জানুৱাৰীৰ শেষৰ ফালে লেবানিজ ভূখণ্ড ত্যাগ কৰিব লাগিব ।

কি হ'ব জোছেফ আউনৰ ৰণনীতি ?

লেবাননৰ সেনাই ইজৰাইলৰ সৈতে পোনপটীয়াকৈ যুদ্ধত লিপ্ত হোৱা নাছিল যদিও ই যুদ্ধবিৰতিৰ চৰ্তাৱলী কাৰ্যকৰী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । আউনে তেওঁৰ ভাষণত দি কয় যে লেবাননে এখন ৰাজ্য হিচাপে ইজৰাইলৰ দখলৰ পৰা নিজকে মুক্ত কৰিবলৈ কাম কৰিব । তেওঁ লগতে হিজবুল্লাহ অবিহনে ইজৰাইলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ৰণনীতি বিকশিত কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে ।

আউনে কয়, "লেবানিজ ৰাজ্য-মই পুনৰ কওঁ, লেবানিজ ৰাজ্যই ইজৰাইলৰ দখলৰ পৰা পৰিত্ৰাণ পাব ।" তেওঁ লগতে কয়, "মোৰ যুগত লেবানন ৰাষ্ট্ৰখনক ইজৰাইলৰ দখলৰ পৰা পৰিত্ৰাণ দিবলৈ আৰু ইয়াৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ সক্ষম কৰাৰ বাবে আমাৰ প্ৰতিৰক্ষামূলক ৰণনীতিৰ আলোচনা অন্তৰ্ভুক্ত থাকিব ।"

উল্লেখ্য যে, ২০২২ চনৰ অক্টোবৰ মাহৰ পৰাই লেবাননৰ ৰাষ্ট্ৰপতিৰ পদ খালী হৈ আছিল । যোৱা দুবছৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰচেষ্টা ১২ বাৰ বিফল হৈছিল । নিৰ্বাচনত আউনে ১২৮ টাৰ ভিতৰত ৯৯ টা ভোট লাভ কৰে ।

লগতে পঢ়ক :শ্বেখ হাছিনাৰ পাছপোৰ্ট প্ৰত্যাহাৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ - HASINAS PASSPORT REVOKES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.