ধেমাজি : আজি হৈছে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস । প্ৰতিবছৰে ২৫ জানুৱাৰীত এই দিৱসটো উদযাপন কৰা হয় । আনহাতে, দেশৰ পৰ্যটন উদ্যোগৰ এক অন্যতম শ্লোগান হৈছে ‘‘অতিথি দেৱ ভৱ ৷’’ পৰ্যটন দিৱসৰ লগতো ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । কিন্তু অসমৰ পৰ্যটন ক্ষেত্ৰৰ বাবে যেন ‘‘অতিথি দেৱ ভৱ’’ আপ্ত বাক্যশাৰী বহু ক্ষেত্ৰত এতিয়াও সুদূৰ পৰাহত ।কিয়নো গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত এতিয়াও পিছপৰি আছে ৰাজ্যৰ বহু ঐতিহ্য ক্ষেত্ৰ । তেনে এক উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ স্থান হৈছে ধেমাজি জিলাৰ ‘‘ঘূগুহা দ’ল ৷’’
দুটা ড্ৰেগনৰ প্ৰতিমূৰ্তি স্থাপন কৰা মূল প্ৰৱেশদ্বাৰত লিখা আছে, “হে পথিক খন্তেক ৰৈ যোৱা, ৰোমন্থন কৰা বৰ্ণিল অতীত, বৰ্তমানৰ বুকুত নিৰ্মাণ কৰা সোণালী ভৱিষ্যৎ ৷"
ধেমাজি সদৰৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত এই পবিত্ৰ স্থান টুকুৰা কেৱল দ’ল বা মন্দিৰেই নহয়, বৰঞ্চ ই এক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰো প্ৰতীক । ১৩৯৭ খ্ৰীষ্টাব্দৰ পৰা ১৪০৭ খ্ৰীষ্টাব্দত বামুণী কোঁৱৰ স্বৰ্গদেউ চুডাংফাই মাতৃ ঘূগু কুঁৱৰীৰ স্মৃতিত এই দ'ল নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি আছে ৷
আনহাতে, ১৯০১ চনৰ পৰা ১৯০৫ চনৰ ভিতৰত শিৱসাগৰৰ পৰা এই অঞ্চললৈ অহা মানুহে খেতিমাটিৰ সন্ধানত হাবি মুকলি কৰোতে এই দ’ল উদ্ধাৰ হয় বুলি স্থানীয় লোকৰ পৰা জানিব পৰা যায় ৷ দ’লৰ চাৰিওকাষে ইটাগড়, যুৰীয়া গড়ৰ উপৰিও ২২৮ বিঘা মাটিকালি সামৰি আছে এটা বাহিৰ গড় ৷ বিভিন্ন গছ-লতাৰে ভৰা এই বাহিৰ গড়ৰ ভিতৰত আছে বৃহৎ চোমনিবাৰী, কেইবাটাও পুখুৰী আৰু আছে বিভিন্ন ঔষধি গছ-লতা ৷
এই হাবি-বননিয়ে আৱৰা শান্তিপূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই দ’লৰ আধ্যাত্মিক পৰিৱেশৰ গুৰুত্বৰ উপৰি ইতিহাসপ্রেমী আৰু প্রকৃতিপ্রেমী উভয়ৰ বাবে আকর্ষণীয় স্থলী হিচাপে বিবেচিত হৈ আহিছে ৷ ইতিমধ্যে প্ৰত্নতত্ত্ব বিভাগৰ তৰফৰ পৰা দ’লৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে দ’ল উন্নয়ন সমিতিৰ সম্পাদক লোহিত বৰুৱাই ৷
তেওঁ কয়, “যেতিয়াৰ পৰাই এই ঘূগুহা দ’লটো দেখিছো তেতিয়াৰ পৰাই সৌন্দৰ্যবৰ্ধনৰ বাবে নেৰানেপেৰা চেষ্টা কৰি আহিছো । স্বৰ্গদেউ চুডাংফাই মাতৃৰ স্মৃতিত এই দ'ল নিৰ্মাণ কৰিছিল বুলি জনা যায় । দ’লৰ উন্নয়ন আৰু পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে । যিমানখিনি চৰকাৰে কৰিব লাগে সিমানখিনি কৰাৰ সদ্দিচ্ছাৰ অভাৱ ঘটিছে ৷ সেয়ে দ’লৰ সীমাৰ বেৰ নিৰ্মাণ কৰা বাহিৰ গড়, ইটাগড় আৰু যুৰীয়া গড় আদিৰ সীমাৰ বেৰ নিৰ্মাণ কৰা, ঐতিহাসিক পুখুৰীৰ সৌন্দৰ্যবৰ্ধন কৰা, এটা সংগ্ৰহালয় নিৰ্মাণ কৰা, এটা অতিথিশালা নিৰ্মাণৰ প্ৰয়োজন ৷ চৰকাৰে এইখিনি কৰি দিলে পৰ্যটকসকলে যথেষ্ট সুবিধা লাভ কৰিব ৷"
উল্লেখ্য যে, ঘূগুহা দৌলৰ ওচৰতে আছে ঐতিহাসিক কুঁৱৰী বিল ৷ জনশ্ৰুতি মতে ৰাজকুঁৱৰীয়ে এই বিলত গা ধুবলৈ আহিছিল ৷ দ’লৰ লগত পোনপটীয়া সম্বন্ধ থকা ২৫ বিঘা মাটিকালিৰে আৱৰা এই বিলৰ সৌন্দৰ্যবৰ্ধন কৰি মৎস্য পালনৰ উপযোগী কৰি তুলিলে স্থানীয় কিছু নিবনুৱা যুৱকৰ সংস্থাপনৰ ব্যৱস্থা হোৱাৰ লগতে পৰ্যটকসকলে বিনোদনৰ সুযোগ পাব । সেয়ে চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰী আৰু বিভাগক এই ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ জনায় দ’ল উন্নয়ন সমিতিৰ সভাপতি মাণিক গগৈয়ে ৷
তেওঁ কয়, “গ্ৰাম্য পৰ্যটনৰ বাবে যথেষ্ট সম্ভাৱনা আছে এই ঘূগুহা দ’লৰ ৷ মুগা সূতা, পুৰণিকলীয়া বিয়ানামৰ দৰে হেৰাই যোৱা সংস্কৃতি, ধৰ্ম পৰ্যটকসকলে উপভোগ কৰিব পাৰিব ।"
তেওঁ লগতে ঐতিহাসিক কুঁৱৰী বিলৰ সম্পৰ্ক ক'বলৈ গৈ কুৱঁৰী বিলৰ পাৰত উপস্থিত হৈ কয়, “ৰজাদিনীয়া এই বিলখন সৌন্দৰ্যবৰ্ধন কৰি মীন পালন কৰিলে স্থানীয় বহু নিবনুৱা সংস্থাপিত হ'ব পাৰিব ৷ দ’লৰ পৰা এই বিললৈ এটা সুৰংগ আছিল । ইয়াতে ৰাণীয়ে গা ধুইছিল ৷"
তদুপৰি, সমগ্ৰ অঞ্চলটোৰ শান্তিপূৰ্ণ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত বসবাস কৰা অঞ্চলবাসীৰ ধৰ্মীয় লোকাচাৰ তথা বৰ্ণময় সাংস্কৃতিক পৰিৱেশ, অসমৰ বিখ্যাত সোণালী সূতা প্ৰস্তুত কৰাৰ মূল উৎস মুগা পালন কৰা বৃহৎ চোমনীবাৰীকে ধৰি গ্ৰাম্য পৰ্যটনৰ যথেষ্ট সম্ভাৱনাৰ কথাও উল্লেখ কৰে উন্নয়ন সমিতিৰ সম্পাদক মাণিক গগৈয়ে ৷
এনেক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰী আৰু বিভাগে ঘূগুহা দ’লক কেৱল জিলাখনৰে নহয়, ৰাজ্যৰ লগতে বাহিৰৰ পৰ্যটকক আকৰ্ষিত কৰিব পৰা এক অন্যতম পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পৰা যথেষ্ট সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনটোত এই আশা কৰিছে অঞ্চলটোৰ লগতে জিলাখনৰ ৰাইজে ।