গুৱাহাটী : ২০২৩ চনৰ ১৪ এপ্ৰিলত একেলগে ১০ হাজাৰ নাচনী-ঢুলীয়াই বিহু নাচি বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰিছিল । বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখৰ আন এক পৰিকল্পনা অসম চৰকাৰৰ । ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে চিনাকী কৰাই দিয়াৰ লগতে এই নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য আগত ৰাখিছে চৰকাৰে ।
সেই লক্ষ্য আগত ৰাখিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । প্ৰায় ৮০০০ শিল্পীক সাজু কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে । তাৰ অংশ হিচাপে গুৱাহাটীত প্ৰশিক্ষণ আৰম্ভ হৈছে ।
- কেনেদৰে চলিছে প্ৰস্তুতি ?
ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব মেগা ঝুমুৰ নৃত্য । এই নৃত্যৰ জৰিয়তে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছে । ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি থাকিব । প্ৰায় ৮ হাজাৰ শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ।
উক্ত অভিলেখৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে । সাজু হৈছে মাষ্টাৰ ট্ৰেইনাৰসকল । বিগত ৬ জানুৱাৰীৰ পৰা মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত পূৰ্ণগতিত চলিছে মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ ।
- মুখ্যমন্ত্ৰীক প্ৰশংসা ৰূপেশ গোৱালাৰ
এই প্ৰশিক্ষণৰ অগ্ৰগতিৰ বুজ ল'বলৈ বৃহস্পতিবাৰে কলাক্ষেত্ৰত উপস্থিত হয় মন্ত্ৰী ৰূপেশ গোৱালা, সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি । মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ দেখি আশাবাদী মন্ত্ৰীগৰাকী । তেওঁ মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাৰ শলাগ লয় । তেওঁ কয়, "এইটো সপোন বুলি ক'ব লাগিব । যিটো সপোন কেতিয়াও সম্ভৱ নহ'লহেঁতেন । মুখ্যমন্ত্ৰীৰ বাবে এটা ডাঙৰ কথা সম্ভৱ হ'বলৈ গৈ আছে ।"
ইফালে চাহ জনগোষ্ঠীৰ পৰম্পৰা ঝুমুৰ নৃত্যক দেশবাসীৰ লগতে বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিবৰ বাবে চৰকাৰৰ এই প্ৰচেষ্টাক ধন্যবাদ জনাইছে জনগোষ্ঠীটোৰ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে ।
- প্ৰশিক্ষণ আৰম্ভ
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা এই প্ৰশিক্ষণত মুঠ ৩৮০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ দিয়া হৈছে । এই মাষ্টাৰ ট্ৰেইনাৰসকলে ৰাজ্যৰ সমষ্টিভিত্তিক শিল্পী বাছনি কৰিব । অহা ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ এই প্ৰক্ৰিয়া চলিব । শিল্পীসকলক মূল দললৈ বাছনি কৰাৰ পাছতে ১ ফেব্ৰুৱাৰীৰ পৰা স্থানীয় ভিত্তিত হ'ব অনুশীলন ।
পৰৱৰ্তী সময়ত ১৯ ফেব্ৰুৱাৰীত শিল্পীসকলক গুৱাহাটীলৈ অনা হ'ব । ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত হ'ব চূড়ান্ত অনুশীলন । আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিগৰাকী শিল্পীকে মাননি প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।