তেজপুৰ, 15 মে' :প্ৰচণ্ড গৰমে দহিছে ৰাজ্য ৷ দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে তেজপুৰতো গৰমে দহিছে ৰাইজক ৷ ইতিমধ্যে তেজপুৰত বুধবাৰে পাৰাস্তম্ভই 37৹ চুইছে ৷ বৰ্ধিত তাপমাত্ৰাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে বিভিন্ন ধৰণেৰে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰা দেখা গৈছে ৷ লগতে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ তথা দেহা শাঁত পেলাবলৈ ফলৰ ৰস সেৱন কৰিবলৈ পথৰ দাঁতিত ভিৰ কৰিছে বিভিন্নজনে ৷ পথৰ দাঁতিত উপলব্ধ হোৱা কুঁহিয়াৰ ৰসকে ধৰি বেল, মৌচুমী, নেমুৰ চৰবত খাই দেহা শাঁত পেলাইছে পথচাৰীয়ে ৷
উল্লেখযোগ্য যে পূৰ্বতে তেজপুৰত গৰমৰ প্ৰভাৱ ৰাজ্যৰ অন্য জিলাৰ তুলনাত কিছু পৰিমাণে কম আছিল ৷ বৰ্তমান তেজপুৰত বৃদ্ধি পোৱা প্ৰচণ্ড গৰমৰ বাবে সকলো দায়ী ৷ কাৰণ বৰ্তমান পথ নিৰ্মাণেই হওক বা আন কোনো উন্নয়নমূলক কাম, ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালভাৱে চহৰৰ ভিন্ন ঠাইত গছ-গছনি কাটি তহিলং কৰা হৈছে ৷
শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত যথেষ্ট পৰিমাণে গছ-গছনি আছিল, যাৰ বাবে চহৰখনত এক শীতল পৰিৱেশে বিৰাজ কৰিছিল ৷ ইফালে বৰষুণৰ পৰিমাণো পূৰ্বতকৈ যথেষ্ট পৰিমাণে কম হৈছে শোণিতপুৰ জিলাৰ লগতে তেজপুৰত ৷ জিলাখনৰ অন্য ঠাইৰ তুলনাত তেজপুৰত বৰষুণৰ পৰিমাণ নিচেই কম ৷