হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্পে ইআইচিএমএ 2024 ত কোম্পানীটোৰ আগন্তুক হিৰো এক্সপালছ 421 ৰ ডিজাইন স্কেচ প্ৰকাশ কৰে । শেহতীয়াকৈ কোম্পানীটোৱে নিজৰ ডিজাইন পেটেণ্ট কৰিছে, যিয়ে আগন্তুক এডভেঞ্চাৰাচ মটৰ চাইকেলখনৰ স্পষ্ট আভাস দিয়ে । ইয়াত আমি নতুন Hero Xpulse 421 ৰ বিষয়ে কিছু তথ্য আগবঢ়াম ।
এডভেঞ্চাৰাচ ষ্টাইলিং
মটৰ চাইকেলখনৰ ডিজাইন পেটেণ্ট অনুসৰি হিৰো এক্সপালছ 421 ত বজাৰত উপলব্ধ আন যিকোনো দুচকীয়াৰ দৰে অনন্য এডভেঞ্চাৰ ষ্টাইলিং থাকিব । মন কৰিবলগীয়া যে ডিজাইন বৰ্তমানৰ এক্সপালছ লাইনআপৰ পৰা যথেষ্ট পৃথক আৰু Yamaha Tenere 700 ৰ দ্বাৰা অনুপ্ৰেৰিত ।
পেটেণ্ট ইমেজ অনুসৰি এই মটৰ চাইকেলে দীঘল ভিজাৰ আৰু ফ্লেট হেডলেম্প পাব, আনহাতে ইয়াৰ ভৰৰ ডাঙৰ অংশ বৃহৎ ইন্ধনৰ টেংক আৰু বৰ্ধিত ৰেডিয়েটৰৰ কফনৰ পৰা আহিব । ইয়াক এডভেঞ্চাৰ মডেল হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ পিছফালৰ পাৰ্চেল ৰেক, আণ্ডাৰবেলি গাৰ্ড আৰু হেণ্ড গাৰ্ড লাভ কৰিব ।
ইঞ্জিনৰ স্পেচিফিকেশন
নতুন হিৰো এক্সপালছ 421 ত ব্যৱহাৰ কৰা হ’ব ইন-হাউছ ডেভেল’পড 421CC, একক চিলিণ্ডাৰ, লিকুইড কুল্ড ইঞ্জিন । ইয়াক ছয় স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হ’ব । বৰ্তমান ইয়াৰ শক্তি উৎপাদনৰ বিষয়ে জনা নাযায় যদিও উদ্যোগৰ সূত্ৰ অনুসৰি এই ইঞ্জিনে 45bhp শক্তি আৰু সৰ্বোচ্চ প্ৰায় 45Nm টৰ্ক উৎপাদন কৰিব পাৰে । ইঞ্জিনটো ষ্টীলৰ ট্ৰেলিছ ফ্ৰেমৰ ভিতৰত ৰখা হ’ব ।
কি কি বৈশিষ্ট্য সন্নিৱিষ্ট?
হিৰো এক্সপালছ 421ত সম্পূৰ্ণ এল ই ডি লাইটিং, ব্লুটুথ সংযোগৰ সৈতে ৰঙীন টি এফ টি ডিছপ্লে, ৰাইড-বাই-ৱায়াৰ থ্ৰ’টল আৰু কেইবাটাও ৰাইডিং মোড থকাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও ইয়াত ছুইচেবল ট্ৰেকচন কণ্ট্ৰ’ল আৰু ডুৱেল চেনেল এবিএছ পাব পাৰি, যিয়ে পিছৰ চকাত চুইচ অফ কৰাৰ বৈশিষ্ট্য লাভ কৰিব ।
মুকলিৰ সময়
হিৰো মট’কৰ্পে 2026 চনৰ আৰম্ভণিতে ভাৰতীয় বজাৰত নতুন হিৰো এক্সপালছ 421 মুকলি কৰাৰ সম্ভাৱনা আছে ।প্ৰডাকচন-স্পেক মডেলটো ইআইচিএমএ 2025ত প্ৰদৰ্শিত হ’ব পাৰে । এবাৰ মুকলি কৰাৰ পিছত ই ৰয়েল এনফিল্ড হিমালয়ান 450, 2025 KTM, 390 এডভেঞ্চাৰ এছ আৰু আগন্তুক মডেল বিএমডব্লিউ F 450 GS ক প্ৰতিদ্বন্দ্বিতা কৰিব ।