অসম

assam

ETV Bharat / state

চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞা; অসমৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ

Assam Tea Workers: চাহ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ কোনো আন্তৰিক প্ৰচেষ্টা কৰা হোৱা নাই । অসম চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ ।

Assam Tea Workers
অসমৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ (ANI/ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী :চাহ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাত ব্যৰ্থ অসম চৰকাৰ । যাৰ বাবে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে । গোচৰটোক লৈ অসমৰ মুখ্য সচিবৰ বিৰুদ্ধে চমন জাৰি কৰে শীৰ্ষ ন্যায়ালয়ৰ এক বিচাৰপীঠে ।

অসম চৰকাৰৰ মুখ্য সচিবক চমন উচ্চতম ন্যায়ালয়ৰ

ন্যায়াধীশ অভয় এছ ওকা আৰু আগষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে মুখ্য সচিবক পৰৱৰ্তী শুনানিৰ দিনটোত আদালতত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে । চাহ শ্ৰমিকসকলৰ প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ কোনো আন্তৰিক প্ৰচেষ্টা নকৰাৰ বাবে অসমক তীব্ৰ সমালোচনাও কৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ।

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ ওকাই মৌখিকভাৱে কয়, "অসমৰ চাহ বাগিচাত কাম কৰা লোকসকলৰ প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ কিয় আন্তৰিক প্ৰচেষ্টা কৰা হোৱা নাই ?" যেতিয়া অসম চৰকাৰৰ অধিবক্তাই মুখ্য সচিবক চমন দিয়া ন্যায়ালয়ৰ নিৰ্দেশনাক কঠোৰ বুলি অভিহিত কৰিছিল তেতিয়া ন্যায়াধীশ ওকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "আমি দৰিদ্ৰ শ্ৰমিকসকলৰ প্ৰাপ্যৰ সৈতে মোকাবিলা কৰি আছো । যেতিয়ালৈকে আমি কঠোৰ নহওঁ, একোৱেই কাম নহয় । আপুনি উত্থাপন কৰা উদ্বেগ আমি মানি লৈছোঁ, কিন্তু এয়া প্ৰয়োজনীয় ।"

ইফালে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাই কয় যে চাহ বাগিচাৰ শ্ৰমিকসকলক পৰিশোধ কৰিবলগীয়া পুঁজি মুকলি কৰাত কেন্দ্ৰীয় চৰকাৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে । অৱশ্যে ন্যায়ালয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ক জাননী জাৰি কৰিবলৈ সাজু হৈছে ।

২০২৩ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

উল্লেখ্য যে ২০২৩ চনতে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ৬৪৫ কোটি টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল । ভৱিষ্য নিধিৰ (পিএফ) অৱদানৰ কথা বিবেচনা কৰি আদালতে চাহ আইনৰ অধীনত প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । ৰাজ্যখনৰ ২৫ খন চাহ বাগিচাৰ প্ৰায় ২৮,৫৫৬ গৰাকী শ্ৰমিকক সামৰি লোৱাকৈ এই নিৰ্দেশ দিয়া হৈছিল । ইয়াৰে ১৫ খন চাহ বাগিচা চৰকাৰী অৰ্থাৎ অসম চাহ কোম্পানী লিমিটেডৰ অধীনৰ । দুটাকৈ চাহ শ্ৰমিক সংগঠনৰ লগতে আন্তৰ্জাতিক খাদ্য আৰু কৃষি কৰ্মী সংঘ আৰু পশ্চিমবংগ খেট মজদুৰ সমিতিয়ে (Paschim Banga Khet Mazdoor Samity) প্ৰথমে ২০০৬ চনত এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।

সেই আবেদনখন ২০১০ চনৰ আগষ্টত নিষ্পত্তি কৰা হৈছিল আৰু শীৰ্ষ আদালতে কেন্দ্ৰীয় চৰকাৰক ৬ মাহৰ ভিতৰত শ্ৰমিকসকলৰ প্ৰাপ্য ধন মোকলাই দিবলৈ নিৰ্দেশ দিছিল ।

২০১০ চনৰ এই নিৰ্দেশনা পালন নকৰাৰ পিছত ২০১২ চনত বৰ্তমান বিচাৰাধীন আবেদনখন দাখিল কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম চাপ্ৰেৰ নেতৃত্বত পৰৱৰ্তী সময়ত শীৰ্ষ ন্যায়ালয়ে এখন এজনীয়া সমিতি গঠন কৰে । সোমবাৰে শুনানিৰ সময়ত উত্থাপন কৰা এক প্ৰতিবেদন অনুসৰি অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ৪১৪ কোটি ৭৩ লাখ ৯৩৫ টকা আৰু পিএফ বিভাগক ২৩০ কোটি ৬৯ লাখ ৪৫ হাজাৰ ৬৬৩ টকা পৰিশোধ কৰিব লাগিব ।

লগতে পঢ়ক :বিশ্বনাথৰ সাধাৰুত মন্ত্ৰী-বিধায়কৰ তীব্ৰবেগী কনভয়ৰ খুন্দাত নিহত এজন: পৰিস্থিতি উত্তপ্ত

ABOUT THE AUTHOR

...view details