অসম

assam

ETV Bharat / state

ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ - An ordinary woman Pinky Malakar

Women’s day special: বৰ্তমান সময়ত পুৰুষৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি গৈছে প্ৰতিগৰাকী নাৰী । তেনেই এগৰাকী নাৰী পিংকী মালাকাৰ । পিংকী মালাকাৰৰ জীৱন সংগ্ৰাম সন্দৰ্ভত আজিৰ আমাৰ এই নাৰী দিৱস বিশেষ প্ৰতিবেদন- -

Story of an ordinary woman setting extraordinary example of living and inspiring many other women
ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 2:36 PM IST

ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ

গুৱাহাটী, 8 মাৰ্চ: সৃষ্টিৰ পৰা শক্তিলৈ নাৰী অনন্যা । নিজৰ সৃষ্টি আৰু আদৰ্শৰে প্ৰত্যাহ্বানকো নেওচি সকলো ক্ষেত্ৰতে উজ্বলিছে আজিৰ নাৰী । সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজনীতিৰ পৰা মহাকাশলৈ সকলো ক্ষেত্ৰতে নিজৰ পৰিপক্কতাৰ পৰিচয় দিছে নাৰীয়ে । কেতিয়াবা নিজৰ দুখবোৰ ঢাকি, মুখত এমোকোৰা হাঁহিলৈ আনৰ মুখত হাঁহি বিৰিঙাবলৈও চেষ্টা কৰিছে একাংশ নাৰীয়ে ।

আজি আন্তৰ্জাতিক নাৰী দিৱস । আজিৰ এই দিনটোত এনে এগৰাকী নাৰীৰ সংগ্ৰামী জীৱন গাথাঁৰ বিষয়ে উল্লেখ কৰিবলৈ ওলাইছো যিগৰাকী নাৰীয়ে জীৱনৰ বাটত বহু সংগ্ৰাম কৰি এতিয়া বহুতৰে বাবে আদর্শ হৈ পৰিছে । মহিলাগৰাকীৰ নাম পিংকী মালাকৰ । পিংকী ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টৰ ডেলভাৰী বিভাগত কৰ্মৰত ।

নিতৌ ৰাতিপুৱা নিজৰ স্কুটীখন লৈ পিংকী ওলাই যায় ঘৰে ঘৰে পাৰ্চেল দিবলৈ । কেতিয়াবা যদি অকলে, কেতিয়াবা আকৌ নিজৰ একমাত্ৰ কন্যা সন্তানটিকো স্কুটীৰ পাছফালে বহুৱাই লৈ যায় পিংকীয়ে । বিগত 4 বছৰ ধৰি এই কৰ্মত নিয়োজিত হৈ থকা পিংকীয়ে কেৱল ফ্লিপকাৰ্টৰ ডেলভাৰীয়ে নহয়, চুইগী, জ’মেট’, ৰেপিড’ আদিটো কাম কৰি আহিছে ।

এই সন্দৰ্ভত পিংকীয়ে কয়, "কোনো কামেই টান নহয় ৷ মন আৰু ইচ্ছা থাকিলে সকলো কামেই মানুহে কৰিব পাৰে । মই ৰেপিড’ চলাইছোঁ, চুইগীত খানা ডেলিভাৰী দিছো ৷ এনেদৰে ভিন্ন ডেলিভাৰীৰ কাম কৰিছো । মই এনেকৈয়ে সংসাৰ চলাই আহিছো । মোৰ কন্যাৰ 4 বছৰ বয়সৰ পৰাই মই কাম কৰি আহিছো । মোৰ ছোৱালীজনীক লগত লৈ মই ঘৰে ঘৰে পাৰ্চেল দিবলৈ যাওঁ।"

লগতে কেতিয়াবা সামগ্ৰী ডেলিভাৰী দিবলৈ যাওঁতে সন্মুখীন হ'বলগীয়া কিছু পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি পিংকীয়ে কয়, "পাৰ্চেল দিবলৈ যাওঁতে ভিন্ন সময়ত ভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় । কেতিয়াবা যদি কোনেও ভাল ব্যৱহাৰ কৰে কেতিয়াবা আকৌ পলম হোৱাৰ বাবে টানকৈও কয় ।"

লগতে পঢ়ক:কেৱল ৰাজপথতে নহয় ডিজিটেল জগততো সুৰক্ষা গুৰুত্বপূৰ্ণ; এনেদৰে সুৰক্ষিত ৰাখক নিজকে

ABOUT THE AUTHOR

...view details