মৰাণ, ২৪ মে’:জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অসম । সময়ৰ লগে লগে অসমৰ প্ৰাকৃতিক পৰিবেশৰ কিছু পৰিবৰ্তন হৈছে যদিও অসমৰ বুকুত নতুন সম্পদৰ গৱেষণা আজিও চলি আছে । অসমৰ নদ-নদী, জলাশয়ত সমূহতো আছে নতুন সম্পদ সৃষ্টিৰ সম্ভাৱনা । যদিও জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যৰ জলাশয়সমূহ কিছু সংকুচিত হৈছে তথাপি জলাশয়সমূহত থকা নতুন সম্পদৰ সন্ধানত গৱেষণা অব্যাহত ৰাখিছে গৱেষকসকলে । ইয়াৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ ছায়েন্সে । কিয়নো বহু বছৰ গৱেষণাৰ অন্তত অসমৰ জলাশয়ত দুটা প্ৰজাতিৰ শামুক আৱিস্কাৰ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ চায়েন্সে ।
দুখন শিক্ষানুষ্ঠানে এই সম্পৰ্কে চলোৱা গৱেষণাত অসমৰ বুকুত সন্ধান লাভ কৰিছে দুটা প্ৰজাতিৰ শামুকৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ৰাছিয়ান একাডেমী অৱ ছায়েন্সে বহু বছৰ গৱেষণা কৰাৰ অন্তত দুটাকৈ নতুন জাতৰ চেপেটা শামুকৰ অৱস্থিতিৰ বিষয়ে তথ্য় লাভ কৰিছে । নতুন শামুক দুবিধক চিউদস্কেবিচ (Psudoscabies) আৰু আচামনায়া (Assamnaia) নামেৰে নামকৰণ কৰা হৈছে । লগতে গৱেষণাত নিশ্চিত হৈছে এই দুটা জাতৰ শামুকৰ অৱস্থিতি কেৱল অসমৰ জলাশয়তহে পোৱা যায় ।
গৱেষকৰ দলটোৱে এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি ইতিমধ্যে বিলুপ্ত হোৱা বুলি বিবেচিত আচামনায়া জাতৰ শামুকবিধৰ অস্তিত্বৰ বিষয়ে প্ৰায় ১৭০ বছৰৰ পাছত তথ্য উদ্ধাৰ হৈছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষকসকলে উল্লেখ কৰা মতে,ধনশিৰি অঞ্চলত আচামনায়া নামৰ শামুকবিধৰ অৱস্থিতি পোৱা গৈছে । আনহাতে, ডিব্ৰুগড়ৰ লেজাই কলাখোৱা অঞ্চলত চিউদস্কেবিচ নামৰ শামুক দুবিধক পোৱা গৈছে ।