মৰাণ,২৫ মে':মৰাণ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱী ন্যাস 'গ্ৰ'থ ফ্ৰম গ্ৰাছৰুটছ'(Growth from Grassroots)ৰ উদ্যোগত অনুষ্ঠিত হৈছে 'সাহস আৰু প্ৰত্যয় ভৰা এদিন-২০২৪' শীৰ্ষক কাৰ্যসূচীৰ । শনিবাৰে এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট লেখক, চিন্তাবিদ তথা প্ৰেৰণাদায়ক বক্তা(Motivational Speaker) শিৱ খেড়া । প্ৰেৰণাদায়ক বক্তা শিৱ খেড়াৰ বক্তব্য শুনিবলৈ অনুষ্ঠানত সহস্ৰাধিক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰে ।
প্ৰেৰণাদায়ক বক্তব্যৰ বাবে দেশজুৰি জনাজাত শিৱ খেড়াই উপস্থিত শিক্ষাৰ্থী আৰু লোকসকলক উদ্দেশ্যি প্ৰায় ২ ঘণ্টা ধৰি বক্তব্য আগবঢ়ায় । শিক্ষাৰ্থীসকলক নিজৰ জীৱন সঠিকভাৱে আগুৱাই লৈ যোৱাৰ বাবে নিজৰ দৃঢ় বিশ্বাস বৃদ্ধি কৰিব লাগিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । তেওঁ লগতে কয় যে কেৱল দেশৰ আন্তঃগাথঁনি উন্নত কৰি উন্নয়নৰ কথা কৈ থাকিলে নহ'ব প্ৰতিজন লোকৰ চৰিত্ৰ উন্নয়নত গুৰুত্ব দিব লাগিব ।