অসম

assam

ETV Bharat / state

৪৫ লাখ টকাৰ বাজেটেৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি: বলি দিব ৫২ টা ম'হ - DURGA PUJA 2024 - DURGA PUJA 2024

Durga Puja Preparation: অহা ৩ অক্টোৱৰৰ পৰা ১০ দিনীয়াকৈ নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত অনুষ্ঠিত হ'ব দুৰ্গা পূজা । ইয়াৰ সৈতে সংগতি ৰাখি গ্রন্থমেলা, প্রদর্শনী, বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে ।

preparation of Durga Puja at Billeswar Devalaya
শ্রীশ্রীবিল্বেশ্বৰ দেৱালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 8:37 PM IST

নলবাৰী, ২৫ আগষ্ট :ইতিহাস প্রসিদ্ধ নলবাৰীৰ বেলশৰস্থিত শ্রীশ্রীবিল্বেশ্বৰ দেৱালয়ত অহা ৩ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ শাৰদীয় দুর্গা পূজা বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । দুর্গোৎসৱৰ প্রাকমুহূর্তত দেওবাৰে এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰিছে শ্রীশ্রীবিল্বেশ্বৰ দেৱালয় তথা দুর্গাপূজা পৰিচালনা সমিতিয়ে ।

শ্রীশ্রীবিল্বেশ্বৰ দেৱালয় (ETV Bharat Assam)

বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান :

দুর্গাপূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে এই প্ৰসংগত কয়, "এইবেলি দুর্গা পূজাত ৬ টাকৈ আগশাৰীৰ নাগাৰা নামৰ দলে বিল্বেশ্বৰ দেৱালয়ত নাম প্রদর্শন কৰিব । মহাষষ্ঠীৰ পৰা নৱমীলৈকে প্রতিদিনে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । ৯ অক্টেবৰত লোকগীতৰ অনুষ্ঠান, নিশা ৮ বজাত জনপ্রিয় কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । ইপিনে, ১০ অক্টোবৰত দিহানাম প্রতিযোগিতা, সন্ধিয়া ৬ বজাত এখন স্মৃতিগ্রন্থ উন্মোচন কৰাৰ লগতে নিশাৰ ভাগত 'মিনি থিয়েটাৰ'ৰ দ্বাৰা নাট প্রদর্শনৰো আয়োজন কৰিছে আয়োজকসকলে ।

বলি দিয়া হ'ব ৫২ টা ম'হ :

উল্লেখযোগ্য যে শ্রীশ্রীবিল্বেশ্বৰ দেৱালয়ৰ বিশেষকৈ মহানৱমী পূজাত লাখ লাখ ভক্ত দর্শনার্থী সমাবেশ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিয়ে আৰক্ষী প্রশাসনৰ সহযোগত বিশেষ তৎপৰতা অৱলম্বন কৰিব । মহানৱমী পূজাৰ দিনা মা দেৱী দুর্গাৰ ওচৰত ম'হ উচৰ্গা কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ভক্তবৃন্দই ইতিমধ্যেই যোগাযোগ কৰিছে বুলিও সদৰী কৰিছে উদ্যোক্তাসকলে । এইবেলি মহানৱমীত বৰ্তমানলৈ ৫২ টাকৈ ম'হ বলিৰ কথা জনাই আয়োজক সমিতিয়ে ।

৪৫ লক্ষাধিক টকাৰ বাজেট :

এইবেলি দুর্গাপূজাখন পৰিচালনা কৰাৰ বাবে ইতিমধ্যে প্রায় ৪৫ লক্ষাধিক টকাৰ এখন বাজেট প্রস্তুত কৰি উলিওৱা হৈছে বুলি আয়োজকসকলে সদৰী কৰিছে । দুর্গা পূজাখন পৰিচালনাৰ বাবে ২৮ খন উপ-সমিতি গঠন কৰা হৈছে ।

গ্রন্থমেলা-বাণিজ্য মেলাৰ আয়োজন :

আধ্যাত্মিক পৰিৱেশৰ লগতে বাহ্যিক পৰিবেশৰ ওপৰতো গুৰুত্ব প্রদান কৰি বিল্বেশ্বৰ দেৱালয় পূজা সমিতিয়ে ভক্তপ্রাণ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা চলাই আহিছে । যাৰ বাবে আন কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । দুর্গা পূজাৰ লগত সংগতি ৰাখি এখন গ্রন্থমেলা, প্রদর্শনী, বাণিজ্য মেলা আৰু মিনাবজাৰৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:সমাজৰ উন্নয়ন আৰু শান্তিৰ বাবে মৰাণত সাৰ্বজনীন দুৰ্গা পূজাৰ যজ্ঞৰ আয়োজন

শিলচৰ পৌৰসভাৰ বিৰুদ্ধে পূজা কমিটিক উচ্ছেদ কৰি ভূ-মাফিয়াক ভূমি গতোৱাৰ অভিযোগ - Eviction in Silchar

ABOUT THE AUTHOR

...view details