অসম

assam

ETV Bharat / state

কৃত্ৰিম বান সমস্যাৰ কথা পাতিবলৈ গ’লে কোনে চাহ খুৱাই পঠিয়াই দিয়ে ? - GUWAHATI FLASH FLOOD

কৃত্ৰিম বানত সীমাহীন যাতনা ভুগি আহিছে একাংশ মহানগৰবাসীয়ে । এজাক মুষলধাৰ বৰষুণ আহিলেই জলমগ্ন হৈ পৰে গুৱাহাটীৰ বহু অঞ্চল ৷ সমাধান বিচাৰিছে মহানগৰবাসীয়ে ৷

Guwahati Flash Flood
মহানগৰীৰ জ্বলন্ত সমস্য়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 6:44 PM IST

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ জ্বলন্ত সমস্য়াসমূহৰ ভিতৰত অন্য়তম হৈছে ভয়াৱহ কৃত্ৰিম বান । বৰ্তমান সময়ত কৃত্ৰিম বান সমস্যাই মহানগৰবাসীক জলা-কলা খুৱাইছে । এজাক বৰষুণতে বুৰ যায় মহানগৰীৰ বিভিন্ন অঞ্চল । ইতিমধ্যে চৰকাৰে সময়ে সময়ে বান সমস্য়া সমাধানৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কৃত্ৰিম বান ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে ক্ষুব্ধ হৈ পৰিছে মহানগৰবাসী ।

দেওবাৰে কৃত্ৰিম বানে জুৰুলা কৰা ৰুক্মিণীগাঁৱৰ বাসিন্দাসকলে অঞ্চলটোৰ কৃত্ৰিম বানপানী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ দাবীত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । এই প্ৰতিবাদী সভাৰ অন্তত চৰকাৰক কেইবাটাও প্ৰশ্ন কৰে স্থানীয় জনতাই ।

মহানগৰীৰ জ্বলন্ত সমস্য়া (ETV Bharat Assam)

ক্ষুব্ধ জনতাৰ চৰকাৰক প্ৰশ্ন

ৰাইজে কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এটাও আজিলৈ কিয় ৰূপায়ন কৰা নাই বুলি প্ৰশ্ন কৰে । চৰকাৰে যদি খৰালিত কাম নকৰে তেতিয়াহ'লে কেতিয়া কাম কৰিব বুলিও চৰকাৰক প্ৰশ্ন কৰে । ক্ষুব্ধ কাইজে কয়, "বাহিনী নৈ খান্দিম বুলি কৈছিল কিন্তু এতিয়া কি হ'ল ? কৃত্ৰিম বান নলাৰে শিলসাঁকোলৈ নিয়াৰ পৰিকল্পনা কৰিছিল চৰকাৰে সেয়া কি হ'ল ?"

অশোক সিংহাল এজন বিজ্ঞানী !

লগতে স্থানীয় ৰাইজে কয়, "আমি ইয়াত গঠন কৰা কমিটীখন লগ নিদিলে মন্ত্ৰী অশোক সিংহলে । ৰুক্মিণীগাঁৱক মডেল ৱাৰ্ড ঘোষণা কৰিছিল, কিন্তু এইটো নেকি মডেল ৱাৰ্ড ? চৰকাৰে গঠন কৰা ১০ জনীয়া চৰকাৰী কৰ্মচাৰী কমিটীৰ প্ৰতিবেদনত আছে কি আমি গমেই নাপালো । বৰমূৰীয়াৰ চোতাল ডুবাৰ ভয়ত ৰুক্মিণীগাঁৱৰ পানী উলিয়াই নিয়াৰ কথা ভবা নাই চৰকাৰে । ৰুক্মিণীগাঁৱক নদী বনাব বিচাৰিছে নেকি ? যদি কৰিব বিচাৰিছে কৰি দিয়ক । মুখ্যমন্ত্ৰী যথেষ্ঠ জ্ঞানী, অশোক সিংহাল এজন বিজ্ঞানী তেওঁ পানী ৰং উলিয়াই দিয়ে ।"

ৰাইজে পুনৰ ক্ষোভেৰে কয়, "ৰুক্মিণীগাঁৱৰ ৰাইজে আলোচনা কৰিবলৈ গ'লে চাহ খুৱাই পঠিয়াই দিয়ে । ছাৰ্ভে হ'ল, ৰিপৰ্ট দিলে যদিও সেই ৰিপ'ৰ্টৰ কাম একো নহ'ল ।" আজি এনে বহু সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। খৰালিটো পাম্প নহ'লে পানী হয় ৰুক্মিণীগাঁৱত । ইয়াত পানীৰ দাম্পিং গ্ৰাইণ্ড বনাইছে চৰকাৰে । পুৰণি দিনৰ পাম্পেৰে সমাধান নহয় ৰুক্মিণীগাঁৱৰ বানপানীৰ সমস্যা । এনেদৰে ক্ষোভ উজাৰি ৰাইজে চৰকাৰক এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত আদলতত গুৰুত্বপূৰ্ণ শুনানি - Guwahati Flood 2024

মহানগৰ নে মহাসাগৰ ? জলময় গুৱাহাটী - Guwahati Flash Flood

ABOUT THE AUTHOR

...view details