হাফলং: ডিমা হাছাও জিলাত বিজেপি দলত বিদ্ৰোহ। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিজেপি কাৰ্যকৰ্তাৰ । নতুন বছৰৰ প্ৰথম দিনাই ডিমা হাছাও জিলাত প্ৰতিবাদী কাৰ্যসূচী । নতুন বছৰ উদযাপনৰ বাবে যেতিয়া সকলোৱে ব্যস্ত হৈ পৰিছে সেই সময়ত ডিমা হাছাও জিলা বিজেপি বিদ্ৰোহৰ জুইত জ্বলিছে ।
উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন কেন্দ্ৰ হাতীখালি সমষ্টিৰ বিজেপি দলৰ কাৰ্যকৰ্তা আৰু নেতৃবৃন্দ মানদাৰদিছা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেৱলাল গাৰ্লোচাৰ অপসাৰন বিচাৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে বুধবাৰে । প্ৰতিবাদকাৰী সকলৰ দাবী উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাক অনতিপলমে অপসাৰন কৰিব লাগে তেওঁৰ পদৰ পৰা ।
প্ৰতিবাদকাৰী সকলে সংবাদমাধ্যমৰ আগত কৰি কয়,"দেবলাল গাৰ্লোচাই ডিমা হাছাও জিলাত একনায়ত্ববাদ চলাই আহিছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদক তেওঁ এটা ব্যক্তিগত কোম্পানীৰ দৰে চলাই আছে । হাতীখলিত বিজেপি দলৰ মাজত বিভাজন সৃষ্টি কৰি কাজিয়াৰ সৃষ্টি কৰিছে দেবলাল গাৰ্লোচাই । তেওঁলোকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত লাংটিঙত প্ৰচাৰ অভিযানত আহি কৈছিল বিজেপিৰ ত্ৰিপুল ইঞ্জিন চৰকাৰ চলিছে ইয়াত নিৰ্দলীয় প্ৰাৰ্থীৰ কোনও কাম নাই ।"
লগতে তেওঁলোকে কয়,"মুখ্যমন্ত্ৰীয়ে কৈছিল দিল্লী দিছ্পুৰ আৰু ডিমা হাছাও জিলাত কোনো নিৰ্দল নাই ইয়াৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দি কোনো লাভ নাই উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিলে হাতীখালি সমষ্টিৰ উন্নয়ন হ'ব । যাৰবাবে তেওঁলোকে বিজেপিক ভোট দিছিল আৰু হাতীখালি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী নিৰঞ্জন হোজাইক জয়ী কৰাইছিল । কিন্তু এতিয়া কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাইৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ কৰি লৈ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দিতা কৰা হেমন্ত কেম্প্ৰাইক সকলো দায়িত্ব দিয়া হৈছে ।"
প্ৰতিবাদকাৰী সকলে প্ৰশ্ন উত্থাপন কৰি কয়,"বিজেপি দলত কি এই নিয়ম চলে ?" তেওঁলোকে আৰু কয়,"ডিমা হাছাও জিলাত সকলো ক্ষেত্ৰত দেবলাল গাৰ্লোচাই ছিণ্ডিকেট চলাই আছে আৰু তেওঁ নিজৰ ইচ্ছা অনুসৰি বিজেপি দলক চলাই আছে আৰু হাতীখালি সমষ্টিক উন্নয়নৰ পৰা বঞ্চিত কৰি ৰাখিছে ।" লগতে প্ৰতিবাদকাৰী সকলে বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতে দেবলাল গাৰ্লোচাক অনতিপলমে তেওঁৰ পদৰ পৰা অপসাৰন কৰাৰ দাবী জনায় । নহলে আগন্তুক দিনত হাতীখালি সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল পথত নামি আন্দোলন আৰু তীব্রতৰ কৰি তুলিব বুলি সংবাদমাধ্যমৰ আগতে মন্তব্য কৰে ।