ডেইৰ অল-বালাহ : নৱবৰ্ষ উদযাপনত বিশ্ববাসী ব্যস্ত আছে । কিন্তু এতিয়াও গাজাত অস্থিৰতা অব্যাহত আছে । বছৰৰ প্ৰথমটো দিনতে গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰিছে । য'ত প্ৰায় ১২ গৰাকী পেলেষ্টাইনী নাগৰিক নিহত হৈছে । তাৰ ভিতৰত বেছিভাগে মহিলা আৰু শিশু ।
উপকূলীয় অঞ্চলৰ আটাইতকৈ বিচ্ছিন্ন আৰু ব্যাপক ধ্বংসৰ সন্মুখীন হোৱা উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ এটা বাসগৃহত ইজৰাইলে প্ৰথমটো আক্ৰমণ কৰে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এই আক্ৰমণত এগৰাকী মহিলা আৰু ৪ টা শিশুসহ ৭ জন লোক নিহত হৈছে । ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে তেওঁলোকে হামাছৰ ঘাটিত আক্ৰমণ কৰিছে ।
মধ্য গাজাৰ নিৰ্মীয়মান বুৰেইজ শৰণাৰ্থী শিবিৰত নিশাটোৰ ভিতৰতে হোৱা আন এক আক্ৰমণত এগৰাকী মহিলা আৰু এটা শিশু নিহত হয় বুলি জানিব পৰা গৈছে । বিশ্ববাসীয়ে নৱবৰ্ষ উদযাপন কৰাৰ সময়তে এতিয়া গাজাত এনে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । জৰুৰীকালীন বাহনত এটা শিশুৰ মৃতদেহ লৈ যোৱা এজন লোকে চিঞৰি কয়, "আপোনালোকে উদযাপন কৰি আছে নেকি ? আমাৰ মৃত্যু উপভোগ কৰক । ডেৰ বছৰ ধৰি আমি মৰি আছো ।"
ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে সন্ত্ৰাসবাদীয়ে নিশা বুৰেইজ অঞ্চলৰ পৰা ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত সেনা বাহিনীয়ে সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ।
নাছেৰ হাস্পতাল আৰু ইউৰোপিয়ান হাস্পতালৰ তথ্য অনুসৰি দক্ষিণৰ খান ইউনুছ চহৰত হোৱা তৃতীয়টো আক্ৰমণত ৩ গৰাকী লোক নিহত হয় ।
হামাছক সকীয়নি ইজৰাইলৰ
২০২৩ চনৰ ৭ অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰি প্ৰায় ১,২০০ লোকক হত্যা কৰে আৰু প্ৰায় ২৫০ জনক অপহৰণ কৰে । তেতিয়াৰে পৰা এই যুদ্ধ আৰম্ভ হয় । গাজাত এতিয়াও প্ৰায় ১০০ জন বন্দী হৈ আছে আৰু কমেও এক তৃতীয়াংশ লোক মৃত বুলি ধাৰণা কৰা হৈছে ।
ইয়াৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে এক বিবৃতিত সতৰ্ক কৰি দিছে যে হামাছে গাজাত কল্পনা কৰিব নোৱাৰা এক পৰিণামৰ সন্মুখীন হ'ব যদিহে সোনকালেই বাকী বন্দীসকলক মুকলি নকৰে আৰু ইজৰাইলৰ ওপৰত আক্ৰমণ বন্ধ নকৰে ।
একেদৰে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ইজৰাইলৰ বায়ু আৰু স্থল আক্ৰমণত ৪৫,০০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । মৃতকৰ ভিতৰত বেছিভাগেই মহিলা আৰু শিশু । কিন্তু নিহতসকলৰ ভিতৰত কিমানজন সন্ত্ৰাসবাদী আছিল সেয়া উল্লেখ কৰা নাই ।
ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰা মতে তেওঁলোকে কেৱল সন্ত্ৰাসবাদীকহে আক্ৰমণ কৰে । অসামৰিক লোকৰ মৃত্যুৰ বাবে হামাছক দোষাৰোপ কৰে ইজৰাইলে । সেনাৰ মতে ইতিমধ্যে ১৭,০০০ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ।
গাজাৰ পৰিস্থিতি
শেহতীয়া তথ্য অনুসৰি এই যুদ্ধই গাজাৰ প্ৰায় ৯০ শতাংশ লোকক স্থানচ্যুত কৰিছে । শীতকালত বৰষুণ আৰু তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত অস্থায়ী শিবিৰ পাতি থকা লোকসকল ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । প্ৰচণ্ড শীতত স্বাস্থ্যজনিত সমস্যাৰ বাবে কেইবাটাও শিশুৰ মৃত্যু হৈছে ।
কেন্দ্ৰীয় গাজাৰ বহুতো স্থানচ্যুত পেলেষ্টাইনীয়ে সাহায্যৰ লগতে আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে দাবী জনাই আহিছে । কিছুমান সংস্থাই অঞ্চলভেদে ক্ষতিগ্ৰস্ত লোকৰ আহাৰৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই ।
ইয়াৰ মাজতে আমেৰিকান আৰু আৰৱ মধ্যস্থতাকাৰীসকলে যুদ্ধবিৰতিৰ দাবী জনাইছে । কিন্তু সেই প্ৰচেষ্টাবোৰ বাৰে বাৰে স্থগিত হৈ আছে । হামাছে এক স্থায়ী যুদ্ধবিৰতি দাবী কৰাৰ বিপৰীতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সম্পূৰ্ণ বিজয় নোহোৱালৈকে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে ।
ইফালে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে মতবিৰোধৰ মাজতে প্ৰায় দুমাহ পূৰ্বে বৰ্খাস্ত হোৱা ইজৰাইলৰ পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টেয়ে বুধবাৰে সংসদৰ পৰা পদত্যাগ কৰে ।
ইজৰাইলৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰ'য়ে কয় যে ২০২৪ চনত ৮২,০০০ তকৈও অধিক ইজৰাইলী বিদেশলৈ স্থানান্তৰিত হৈছে । আনহাতে ৩৩,০০০ লোক দেশলৈ প্ৰব্ৰজন কৰিছে । আন ২৩,০০০ ইজৰাইলী বিদেশত দীঘলীয়া সময়ৰ পিছত উভতি আহিছে । যুদ্ধৰ সমাপ্তি বিচাৰি থকা বহুতো ইজৰাইলী বিদেশলৈ গুচি গৈছে । যাৰ ফলত ই ঔষধ আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ।
পেলেষ্টাইনী কৰ্তৃপক্ষই বুধবাৰে ইজৰাইল অধিকৃত পশ্চিম তীৰত আল জাজিৰাক নিষিদ্ধ কৰিছে । উচতনিমূলক আৰু বিভ্ৰান্তিকৰ প্ৰতিবেদন সম্প্ৰচাৰ কৰাৰ অভিযোগতে পেলেষ্টাইনী কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে । ইজৰাইলে ইতিমধ্যে আল জাজিৰাক পশ্চিম তীৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু আদেশটো কঠোৰভাৱে বলবৎ কৰা হোৱা নাছিল ।
লগতে পঢ়ক :ইজৰাইল-হামাছ যুদ্ধ: অচল উত্তৰ গাজাৰ অন্তিমখন চিকিৎসালয় - ISRAEL HAMAS WAR