ETV Bharat / state

মনোৰম বনভোজস্থলী বাক্সাৰ চৌকিত বনভোজকাৰী দলৰ ভিৰ - CHOWKI PICNIC SPOT

বছৰটোৰ প্ৰথম জানুৱাৰীত বাক্সাৰ চৌকিত বনভোজকাৰী দলৰ ভিৰ । ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশত আত্মহাৰা সকলো ।

Crowd of picnickers at Chowki in Baksa, a picturesque picnic spot
মনোৰম বনভোজস্থলী বাক্সাৰ চৌকিত বনভোজকাৰী দলৰ ভিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 2, 2025, 6:53 AM IST

বাক্সা: ডিচেম্বৰ, জানুৱাৰী মানেই বনভোজ । প্ৰকৃতিৰ মনোমোহা স্থানলৈ ঢাপলি মেলিছে বিভিন্ন প্ৰান্তৰ ৰাইজ । পৰিয়াল, আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱৰ সৈতে বছৰটোৰ আৰম্ভণিতে এসাঁজ খোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন বনভোজস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে । তেনে এক মনোৰম বনভোজস্থলী হৈছে বাক্সা জিলাৰ চৌকি । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী বাক্সা জিলাৰ চৌকি ।

ভূটানৰ পৰা নামি অহা পাগলা আৰু দিয়া নৈৰ সংযোজনেই এই চৌকি । ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা এই চৌকিত শীতৰ সেমেকা বতৰৰ লগে ভাগে ডিচেম্বৰ, জানুৱাৰীত সপৰিয়ালেই হওক নতুবা বন্ধু-বান্ধৱৰ লগত এসাঁজ খোৱাৰ বাবে ঢাপলি মেলে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বনভোজস্থলীসমূহতো বৃদ্ধি পাইছে বনভোজকাৰী দলৰ । পানীৰ বাবে বিখ্যাত হৈ পৰা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ চৌকিত বনভোজকাৰী দলৰ আগমন ঘটিছে ।

মনোৰম বনভোজস্থলী বাক্সাৰ চৌকিত বনভোজকাৰী দলৰ ভিৰ (ETV Bharat Assam)

ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে ভাগে পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা উপস্থিত হৈছে বনভোজকাৰী দল । ভূটান পাহাৰৰ সেউজ পৰিৱেশ, দিৰিং নদীৰ কুলু কুলু শব্দ, বিশাল শিলৰ মাজত সকলো আত্মহাৰা সকলো । নাচি- বাগি আত্মহাৰা হৈ পৰিছে সকলো । লোকাৰণ্য হৈ পৰিছে চৌকিৰ বনভোজস্থলী ।

উল্লেখ্য যে, জিলাখনৰ ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠা চৌকি বনভোজস্থলীত বনভোজকাৰী সকলৰ মনোৰঞ্জনৰ বাবে আছে বিশেষ ব্যৱস্থা । আনহাতে বনভোজস্থলীসমূহত গঢ়ি উঠা দোকানসমূহতো বিভিন্ন জনজাতীয় খাদ্য সামগ্ৰী উপলব্ধ হৈছে । বনভোজকাৰীসকলে সোৱাদ ল'লে পৰম্পৰাগত খাদ্য সামগ্ৰী ।

লগতে পঢ়ক: বছৰৰ পহিলা পুৱাতে বালিলেছা কালী দেৱালয়ত ভক্তৰ লানি নিছিগা সোঁত - HAPPY NEW YEAR 2025

নতুন বছৰৰ প্ৰথমটো দিনত মঠ-মন্দিৰত আশিস বিচাৰি ভক্তৰ ভিৰ - NEW YEAR 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.