Skin Care Tips: আৰম্ভ হৈছে ২০২৫ বৰ্ষ ৷ এই বছৰটোত শাৰীৰিক স্বাস্থ্যৰ লগতে ছালৰ যত্ন লোৱাটো জৰুৰী ৷ নিয়মিত ছালৰ যত্নৰ নিয়মে আপোনাৰ ছালখনক পুষ্টিকৰ, সুষম আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে ৷ কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰি ছালৰ সাধাৰণ সমস্যা দূৰ কৰিব পাৰে ৷
ছালৰ বিশেষজ্ঞসকলে কয় যে, শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, মহিলাসকলে তেওঁলোকৰ ছালখন জিলিকি থকাটো বিচাৰে ৷ ছালখন সুস্থ কৰি ৰাখিবলৈ ছালৰ যত্নৰ ৰিজ’লিউচন ল’ব পাৰে ৷ ছালখন কোমল আৰু চিকচিকিয়া কৰিবলৈ কোনবোৰ টিপছ মানি চলিব লাগে বিশেষজ্ঞৰ পৰা জানক ৷
- পৰিষ্কাৰ কৰা (Cleanser)
ছালখন পৰিষ্কাৰ কৰিবলৈ মৃদু আৰু হাইড্ৰেটিং ক্লিনজাৰ ব্যৱহাৰ কৰক ৷ ই ছালৰ পৰা মলি আৰু অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰিব, লগতে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰাখে ৷ ক্লিনজিং কৰিলে আপোনাৰ ছালখন সতেজ হৈ পৰে ৷
- এক্সফোলিয়েটিং (Scrubbing)
সপ্তাহত এবাৰ কোমল এক্সফোলিয়েটৰ ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ দ্বাৰা ছালৰ মৃত কোষবোৰ আঁতৰাই পেলাব পাৰি ৷ নিয়মীয়াকৈ ছালৰ শুকান আৰু নিৰ্জীৱ তৰপবোৰ কম কৰিব পাৰি ৷ ইয়াৰ ফলত মেকআপৰ সময়ত ছালত পৰিষ্কাৰ পোৱা যায় ৷
- টোনাৰ (Toner)
পৰিষ্কাৰ কৰাৰ পিছত ছালৰ প্ৰাকৃতিক পি এইচ ভাৰসাম্য ৰক্ষা কৰিবলৈ ভাল টোনাৰ প্ৰয়োগ কৰিব লাগে ৷ টোনাৰে ছিদ্ৰবোৰ টান কৰি ছালখন সতেজ কৰি তোলে ৷ ইয়াৰ ফলত ছালখনক মইশ্ব’ৰাইজাৰ আৰু ছিৰাম ভালদৰে শোষণ কৰিবলৈ প্ৰস্তুত কৰে ৷
- মইশ্ব’ৰাইজিং(Moisturizing)
প্ৰতিদিনে পুৱা আৰু ৰাতি মইশ্ব’ৰাইজাৰ লগাব লাগে ৷ ই ছালখন কোমল কৰি ৰখাত সহায় কৰে ৷ সঠিক হাইড্ৰেচনে ছালৰ শুকান ঠাইবোৰ আঁতৰাই পেলায় ৷ ইয়াৰ ফলত ছালখন কোমল হৈ থাকে ৷
- ছানস্ক্ৰীণ (Protection from the sun)
ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো কেতিয়াও এৰি নিদিব ৷ প্ৰতিদিনে পুৱা ভাল এছ পি এফ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰিব, যিয়ে আপোনাৰ ছালখনক ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে ৷ নিয়মিতভাৱে ছানস্ক্ৰীণ প্ৰয়োগ কৰিলে অকাল বাৰ্ধক্য আৰু ছালৰ দাগ ৰোধ কৰাত সহায় কৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
উৎস:-https://pubmed.ncbi.nlm.nih.gov/31840424/
লগতে পঢ়ক