ETV Bharat / technology

OnePlus 13 ৰ পৰা Samsung Galaxy S25 Ultra ৰ উপৰিও বজাৰলৈ শীঘ্ৰে বহু নতুন স্মাৰ্টফোন - UPCOMING SMARTPHONES JANUARY 2025

নতুন বছৰৰ প্ৰথম মাহটোত ছেমছাং, অপ্পো, ৱানপ্লাছকে ধৰি বহু কোম্পানীয়ে নিজৰ নিজৰ স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে । তালিকাখন জানো আহক--

upcoming-smartphones-in-india-in-january-2025-oneplus-13-series-samsung-galaxy-s25-and-more
OnePlus 13 ৰ পৰা Samsung Galaxy S25 Ultra ৰ উপৰিও বজাৰলৈ শীঘ্ৰে বহু নতুন স্মাৰ্টফোন (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Jan 2, 2025, 11:34 AM IST

হায়দৰাবাদ: নতুন বছৰ অৰ্থাৎ আৰম্ভ হৈছে 2025 বৰ্ষ । এই নতুন বছৰৰ লগে লগে ভাৰতকে ধৰি বিশ্বৰ বজাৰত বহু নতুন স্মাৰ্টফোন মুকলি হ’বলৈ গৈ আছে । যদি আপুনি এই নতুন বছৰত নিজৰ বাবে নতুন স্মাৰ্টফোন কিনিব বিচাৰিছে, তেন্তে আমি আপোনাক সেই স্মাৰ্টফোনসমূহৰ বিষয়ে কওঁ যিবোৰ 2025 চনৰ প্ৰথম মাহত অৰ্থাৎ জানুৱাৰী মাহত মুকলি হ’ব ।

OnePlus 13 Series

OnePlus এ 2025 চনৰ 7 জানুৱাৰীত ভাৰতত ইয়াৰ পৰৱৰ্তী ফ্লেগশ্বিপ ফোন ছিৰিজ মুকলি কৰিবলৈ ওলাইছে । এই ছিৰিজত কোম্পানীটোৱে ভাৰতৰ বজাৰত ৱানপ্লাছ 13 ছিৰিজ, OnePlus 13 আৰু OnePlus 13 ৰ দুটা ফোন মুকলি কৰিব । এই দুয়োটা ফোন আমাজনত বিক্ৰী হ’ব ।

OnePlus 13: এই ফোনটোৱে 6.8 ইঞ্চি 2K LTPO AMOLED ডিছপ্লে, 1-120Hz পৰ্যন্ত ডাইনামিক ৰিফ্ৰেছ ৰেট, 4500 নিটৰ শীৰ্ষ উজ্জ্বলতা, Snapdragon 8 Elite চিপছেট, 6000mAh বেটাৰী, 100W SuperVOOC ফাষ্ট চাৰ্জিং আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থিত । ইয়াৰ উপৰিও ফোনটোৰ পিছফালে LED ফ্লেছৰ সৈতে Hasselblad কেমেৰা চিষ্টেম দেখা যায়, যাৰ মূল কেমেৰা 50MP, দ্বিতীয় কেমেৰা 50MP আল্ট্ৰা-ৱাইড এংগেল, তৃতীয় কেমেৰা 50MP পেৰিস্কোপ টেলিফটো লেন্সৰ সৈতে আহিব বুলি আশা কৰা হৈছে । চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবেও ফোনত 32MP ফ্ৰন্ট কেমেৰা দিয়া হ’ব ।

OnePlus 13R: এই ফোনত থাকিব পাৰে 6.78 ইঞ্চি 1.5K LTPO AMOLED ডিছপ্লে, 120Hz ৰিফ্ৰেছ ৰেট, Snapdragon 8 Gen 3 চিপছেট আৰু 6000mAh বেটাৰী । এই ফোনটোৰ পিছফালে LED ফ্লেছৰ সৈতে Hasselblad কেমেৰা চিষ্টেমও দেখা যায়, যাৰ মূল কেমেৰা 50MP হ’ব পাৰে, দ্বিতীয়টো কেমেৰা 50MP ultra-wide angle হ’ব পাৰে, তৃতীয় কেমেৰাটোত 50MP পেৰিস্কোপ টেলিফ’টো লেন্সও থাকিব পাৰে । চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবেও ফোনত 16MP ফ্ৰন্ট কেমেৰা দিব পাৰিব ।

Oppo Reno13 ছিৰিজ

2025 চনৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অপ্পোৱে এই নতুন ফোন ছিৰিজটোও মুকলি কৰিব পাৰিব ।

Oppo Reno13: এই ফোনত থাকিব পাৰে 6.59 ইঞ্চি Full HD Plus স্ক্ৰীণ, 50MP+8MP ডুৱেল কেমেৰা মডিউল, 50MP ফ্ৰন্ট কেমেৰা, 5000mAh বেটাৰী আৰু 80W ফাষ্ট চাৰ্জিং সমৰ্থন ।

Oppo Reno13 Pro: এই ফোনত থাকিব পাৰে 6.83 ইঞ্চি AMOLED ডিছপ্লে, 120Hz ৰিফ্ৰেছ ৰেট, 50MP+50MP+8MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ, 50MP ফ্ৰন্ট কেমেৰা, এটা LED ফ্লেছ, 16GB পৰ্যন্ত ৰেম, 5800mAh বেটাৰী, 80W ফাষ্ট চাৰ্জিং সমৰ্থন আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থন ।

Poco X7 ছিৰিজ

এই তালিকাত Poco ৰ স্মাৰ্টফোনৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰততো 9 জানুৱাৰীৰ দিনা Poco X7 series মুকলি কৰা হৈছে । এই ফোন ছিৰিজত দুটা ফোনও থাকিব, যাৰ নাম Poco X7 আৰু Poco X7 Pro ।

Poco X7: এই ফোনত 6.67 ইঞ্চি 1.5K AMOLED ডিছপ্লে, LED ফ্লেছৰ সৈতে 50MP+8MP বেক কেমেৰা, 20MP ফ্ৰন্ট কেমেৰা, MediaTek Dimensity 7300 Ultra চিপছেট, Android 15 ৰ ওপৰত ভিত্তি কৰি HyperOS 2, 5110mAh বেটাৰী আৰু 45W ফাষ্ট চাৰ্জিং সমৰ্থন থাকিব পাৰে ৷

Poco X7 Pro: এই ফোনত থাকিব পাৰে 6.67 ইঞ্চি 1.5K AMOLED ডিছপ্লে, LED ফ্লেছৰ সৈতে 50MP+8MP+2MP বেক কেমেৰা, 20MP ফ্ৰন্ট কেমেৰা, MediaTek Dimensity 8400 Ultra চিপছেট, Android 15 ৰ ওপৰত ভিত্তি কৰি HyperOS 2, 6000mAh বেটাৰী আৰু 90W দ্ৰুত চাৰ্জিং সমৰ্থন ।

ছেমছাং গেলেক্সি এছ 25 ছিৰিজ

2025 চনত মুকলি হ’বলগীয়া অন্যতম ব্যয়বহুল আৰু শ্ৰেষ্ঠ ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজ হ’ব ছেমছাং গেলেক্সি S25 ছিৰিজ । এই ছিৰিজত 4 টা মডেল থাকিব পাৰে, যিটো হ’ব পাৰে ছেমছাং গেলেক্সি S25, ছেমছাং গেলেক্সি S25 প্লাছ, ছেমছাং গেলেক্সি S25 শ্লীম আৰু ছেমছাং গেলেক্সি S25 আল্ট্ৰা ।

Galaxy S25: এই ফোনত থাকিব পাৰে 6.2 ইঞ্চি ডাইনামিক ছুপাৰ AMOLED ডিছপ্লে, LED ফ্লেছৰ সৈতে 50MP+12MP+10MP ট্ৰিপল কেমেৰা ছেটআপ, 12MP ফ্ৰন্ট কেমেৰা, 12GB পৰ্যন্ত ৰেম, 512GB পৰ্যন্ত ষ্ট’ৰেজ, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে Exynos চিপছেট আৰু Qualcomm আমেৰিকা/কানাডা/চীনৰ বাবে স্নেপড্ৰেগন চিপছেট । ইয়াৰ উপৰিও ইয়াত 4000mAh বেটাৰী আৰু 25W ফাষ্ট চাৰ্জিং সমৰ্থনো থাকিব পাৰে ।

Galaxy S25 শ্লীম: প্ৰথমবাৰৰ বাবে Samsung Galaxy S series লাইনআপত যোগ হ’ব Galaxy S25 Slim মডেল । কোৱা হৈছে যে এই ফোনটো ছুপাৰ শ্লীম ফ্ৰেমৰ সৈতে আহিব । ফোনটোত 6.6 ইঞ্চিৰ স্ক্ৰীণ, কোৱালকম স্নেপড্ৰেগন 8 এলিট চিপছেট আৰু 4700 mAH ৰ বেটাৰী থাকিব পাৰে । ফোনটোৰ পিছফালে এল ই ডি ফ্লেছৰ সৈতে ট্ৰিপল কেমেৰা মডিউল থাকিব পাৰে, যাৰ মূল কেমেৰাত 200MP, দ্বিতীয় কেমেৰাত 50MP আল্ট্ৰাৱাইড চেন্সৰ আৰু তৃতীয় কেমেৰাত 50MP টেলিফটো লেন্স থাকিব পাৰে ।

Galaxy S25 Plus: এই ফোনটোৰ স্পেচিফিকেশন Galaxy S25 Slim ৰ দৰেই হোৱাৰ সম্ভাৱনা আছে । কিন্তু বেটাৰীৰ ক্ষমতা আৰু কেমেৰাৰ চেন্সৰৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে ।

Galaxy S25 Ultra: এই ফোনত থাকিব 6.88 ইঞ্চি QHD+ Super AMOLED ডিছপ্লে, Qualcomm Snapdragon 8 Elite চিপছেট, 16GB পৰ্যন্ত ৰেম, 1TB পৰ্যন্ত ষ্ট’ৰেজ, 5000mAh বেটাৰী, 200MP মেইন কেমেৰা, 12MP টেলিফটো লেন্স, আৰু 50MP থাৰ্ড (সম্ভৱতঃ আল্ট্ৰা-ৱাইড এংগেল লেন্স) ।

5G

Xiaomi ৰ চাব ব্ৰেণ্ড কোম্পানী Redmi য়ে নিজৰ আগন্তুক ফোনটোৰ মুকলিৰ তাৰিখ নিশ্চিত কৰিছে । এই ফোনটো 6 জানুৱাৰীত ভাৰতত মুকলি কৰা হ’ব, আনহাতে এই 4G সংস্কৰণটো 2024 চনৰ আগষ্ট মাহত মুকলি কৰা হৈছিল । মি ইণ্ডিয়া আৰু এমাজন ইণ্ডিয়াৰ ৱেবছাইটৰ জৰিয়তে জানিব পৰা গৈছে যে এই ফোনত 6.88 ইঞ্চিৰ এইচডি প্লাছ স্ক্ৰীণ থাকিব, য’ত ৰিফ্ৰেছ থাকিব 120Hz ৰ হাৰ । কোম্পানীয়ে এই ফোনটো ব্লু, পাৰ্পল আৰু ব্লেক ৰঙৰ বিকল্পত ডুৱেল ছিম কানেক্টিভিটিৰ সৈতে মুকলি কৰিব পাৰিব । এই ফোনটোৰ পিছফালে মাজত এটা চাৰ্কুলাৰ কেমেৰা মডিউল দিয়া হৈছিল, যাৰ মূল কেমেৰা 50 MP হ’ব পাৰে ।

Realme 14 Pro Series

এই Realme ফোন ছিৰিজটো 2025 চনৰ জানুৱাৰী মাহৰ ভিতৰত ভাৰততো মুকলি কৰিব পাৰে । তথ্য অনুসৰি এই Realme ফোনটো হ’ব কেমেৰা কেন্দ্ৰিক স্মাৰ্টফোন । ফোনটো IP69 ৰেটিংৰ সৈতে আহিব পাৰে, অৰ্থাৎ পানী আৰু ধূলিৰ পৰা ফোনটো অতি সুৰক্ষিত হ’ব ।

Itel Zeno 10

আইটেল কোম্পানীৰ এই ফোনটোও 2025 চনৰ জানুৱাৰী মাহত মুকলি কৰা হ’ব । এইটো হ’ব কম মূল্যত মুকলি কৰা বাজেট স্মাৰ্টফোন । আমাজনত লাইভ মাইক্ৰ’চাইটৰ তথ্য অনুসৰি অহা কেইদিনমানৰ ভিতৰত এই ফোনটোৰ মুকলিৰ নিশ্চিত তাৰিখো ঘোষণা কৰা হ’ব । আমাজনত পোষ্টাৰ মুকলি হোৱাৰ অৰ্থ হ’ল এই ফোনটো আমাজনতো বিক্ৰী হ’ব । টিজাৰৰ মতে ফোনটোৰ দাম হ’ব 6 হাজাৰ টকাতকৈও কম ।

লগতে পঢ়ক: নতুন বছৰত ভাৰতীয় বজাৰত মুকলি হ’ব কেবাখনো নতুন গাড়ী

আইফোন প্ৰেমীৰ বাবে দুঃখবৰ; বজাৰত বন্ধ হ’ল তিনিটাকৈ আইফোন মডেল

LAVA YUVA 2 5G বনাম MOTO G35 5G: কোনটো উন্নত ?

গুগল, এপলকে ধৰি এআই সংযুক্ত স্মাৰ্টফোনৰ কদৰ বৃদ্ধি ভাৰতীয় বজাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.