অসম

assam

সাংবাদিক পৰিস্মিতা ফুকনৰ বাসগৃহত আৰক্ষীৰ অভিযান, দুদিনৰ বাবে পুনৰ ল’লে জিম্মাত - Debajit Hazarika Suicide Case

By ETV Bharat Assamese Team

Published : 5 hours ago

Investigation of BJP leader suicide case in Sonari: বিজেপি নেতাৰ আত্মহত্যাৰ লগত নাম জড়িত হোৱা সাংবাদিকৰ ঘৰত চলিল আৰক্ষীৰ অভিযান ৷ শনিবাৰে এদিনৰ বাবে জিম্মাত লোৱা আৰক্ষীয়ে পুনৰ দুদিনৰ বাবে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত ৷

Investigation of BJP leader suicide case in Sonari
সাংবাদিক পৰিস্মিতা ফুকনৰ বাসগৃহত অভিযান (ETV Bharat Assam)

ডিব্ৰুগড়, ২২ ছেপ্টেম্বৰ :চৰাইদেউ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বিজেপি নেতাৰ আত্মহত্যাৰ লগত নাম সাঙোৰ খোৱা সংবাদকৰ্মী আৰু প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক ৷ দেওবাৰে পুনৰ দুদিনৰ বাবে দুয়োকে জিম্মাত লয় আৰক্ষীয়ে ৷

চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাই আজিও ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি আছে ৷ সকলোৱে বিজেপি নেতাগৰাকীৰ আত্মহত্যাৰ উচিত তদন্তৰ দাবী কৰিছে ৷ চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা ছুইচাইড নোটত উল্লেখ আছিল আত্মহত্যাৰ কাৰণ ৷ বাৰে বাৰে বাতৰি পৰিৱেশন কৰি বিজেপি নেতাগৰাকীৰ ওপৰত মানসিক হাৰাশাস্তি চলাই অহা বুলি উল্লেখ আছিল ছুইচাইড নোটত ৷

সাংবাদিক পৰিস্মিতা ফুকনৰ বাসগৃহত অভিযান, প্ৰয়াত বিজেপি নেতাৰ পত্নীৰ মন্তব্য (ETV Bharat Assam)

ছুইচাইড নোটত উল্লেখ থকা ৪ গৰাকী অভিযুক্তৰ বিৰুদ্ধে মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰাৰ পিচতে সোণাৰি আৰক্ষীয়ে শুকুৰবাৰে বিয়লি গ্ৰপ্তাৰ কৰিছিল প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰঞ্জিৎ বুঢ়াগোহাঁই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক ৷ শনিবাৰে দুয়োকে আদালতত হাজিৰ কৰোৱাই আৰক্ষীয়ে এদিনৰ বাবে জিম্মাত লৈছিল ৷

জিম্মাত লোৱাৰ পিচতে দেওবাৰে অভিযুক্ত সাংবাদিক পৰিস্মিতা ফুকনৰ সোণাৰিৰ ভাৰাঘৰত আৰক্ষীয়ে অভিযান চলায় ৷ কিছু সময়ৰ অভিযানৰ অন্তত সোণাৰি আৰক্ষীয়ে পুনৰ সোণাৰি সদৰ আৰক্ষী চকীলৈ পৰিস্মিতা ফুকনক লৈ যায় ৷ আৰক্ষীয়ে অভিযুক্ত সাংবাদিক পৰিস্মিতা ফুকনৰ ভাৰাঘৰৰ পৰা কি কি উদ্ধাৰ কৰিছে সেই কথা জানিবলৈ দিয়া নাই ৷ আনহাতে ঘটনাত নাম সাঙোৰ খোৱা সাংবাদিক ৰফিক আহমেদ, আৰ টি আই কৰ্মী দুলাল বৰা এতিয়াও পলাতক অৱস্থাত থকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

আনহাতে দেওবাৰে বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ জন্মগৃহত অনুষ্ঠিত হয় তিলনি অনুষ্ঠান ৷ চৰাইদেউৰ পুৰণি জবকা গাঁৱত ধৰ্মীয় নীতি-নিয়মেৰে অনুষ্ঠানৰ মাজতে উত্থাপিত হয় বহু বিস্ফোৰক অভিযোগ ৷ দেৱজিৎ হাজৰিকাৰ পত্নীৰ অভিযোগ অনুসৰি পলাতক সাংবাদিক ৰফিক আহমেদে দেৱজিৎ হাজৰিকাক ৫০ হাজাৰ টকা দাবী কৰিছিল ৷ আনহাতে যিটো মন্দিৰৰ নিৰ্মাণকাৰ্যক লৈ দেৱজিৎ হাজৰিকাক মানসিক অত্যাচাৰৰ কৰা হ’ল সেই মন্দিৰটো নিৰ্মাণ কৰি দেৱজিৎ হাজৰিকাৰ আত্মাৰ শান্তিৰ বাবে চেষ্টা কৰিব বুলিও ক’লে আত্মহত্যা কৰা পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে ৷

লগতে পঢ়ক :এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিযুক্ত সাংবাদিক-প্ৰাক্তন বি ডি অ’

ABOUT THE AUTHOR

...view details