গোলাঘাট, 22 ফেব্ৰুৱাৰী: চলিত বৰ্ষৰ আৰম্ভণিতেই 3 জানুৱাৰীৰ পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোৰ স্মৃতি আজিও ৰাজ্যবাসীৰ মনত সজীৱ হৈ আছে ৷ এখন যাত্ৰীবাহী বাছ আৰু এখন কয়লা পৰিবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল অভিশপ্ত বাছখনত থকা 11 গৰাকী যাত্ৰীৰ লগতে ট্ৰাকখনৰ চালকজনৰ ৷ কিন্তু সেই দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৰ্তমান 13 জনলৈ বৃদ্ধি পালে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বচা ভৰলুৱা গাঁৱৰ ধীৰেণ বৰা নামৰ লোকজনৰ চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু ঘটে ৷
যোৱা 3 জানুৱাৰীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ধীৰেণ বৰা ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ব্যক্তিগৰাকীয়ে ৷
ধীৰেণ বৰাৰ মৃত্যুৱে বচা ভৰলুৱা গাঁওবাসীৰ বুকুত থকা কেঁচা ঘাঁ ডোখৰ যেন আকৌ এবাৰ কাঁইটেৰে হানি দিলে ৷ চকুৰ আগতে 12 খনকৈ চিতা একেলগে জ্বলাৰ কৰুণ দৃশ্যৰ সাক্ষী হৈ ৰোৱা লোকসকলক এই খবৰে নিৰ্বাক কৰি পেলালে ৷ ধীৰেণ বৰাৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া নিজ ঘৰলৈ অনা হ’ব ৷