ডিব্ৰুগড়, ৮ ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কঁপালত তুলিছে । অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে । কিয়নো একাংশক অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভ দেখুৱাই প্ৰৱঞ্চনা কৰিলে অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে । কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন বহু প্ৰৱঞ্চকৰ ।
এইবাৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ সৰৱ হ'ল সাংসদ গৌৰৱ গগৈ । শনিবাৰে বিয়লি মৰাণৰ তিলৈজান চাহ বাগিচাত অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগৰ উদ্যোগত আয়োজিত এক সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি অনলাইন ট্ৰেডিঙৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ উপ-সভাপতি, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।
গগৈয়ে কয়, "বিজেপি নেতাসকল সাৰদা কেলেংকাৰীৰ সৈতে জড়িত আছে, বিজেপি নেতাসকল ৰ'জ ভেলী কেলেংকাৰীৰ সৈতে জড়িত আছে । বৰ্তমান অসমত যি বৃহৎ অনলাইন ট্ৰেডিং কেলেংকাৰী চলি আছে তাতো বিজেপি দলৰ বাঘা বাঘা নেতা জড়িত আছে ।" তেওঁ লগতে কয়, "ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী সংঘটিত হৈ থকা সময়ত অসম আৰক্ষী ক'ত শুই থাকে ?"