অসম

assam

গ্ৰামাঞ্চলত কাম নকৰে IAS বিষয়াৰ ডাক্তৰ কন্যাই : সৰৱ বিজেপি বিধায়ক অতুল বৰা - MLA Atul Bora

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:46 PM IST

Atul Bora letter to CM : চৰকাৰী নিয়ম ভৰিৰে মোহাৰি গাঁৱত কাম নকৰা ডাক্তৰ পি এম বন্দনা কোন আই এ এছ বিষয়াৰ কন্যা ? বিজেপি বিধায়কে উদঙালে আই এ এছ পিতৃৰ ক্ষমতাৰে কি অনিয়ম কৰিছে ডাক্তৰ পি এম বন্দনাই ? এইবাৰ ‘পিতৃ-মাতৃৰ বন্দনা’ৰ ঠাইত জাৰৰ বন্ধ লাগে দিছপুৰীয়া অতুল বৰাক ৷

Atul Bora letter to CM
সৰৱ বিজেপি বিধায়ক অতুল বৰা (ETV Bharat Assam)

গুৱাহাটী, ২০ জুলাই :পুনৰ সৰৱ হৈছে দিছপুৰীয়া বিধায়ক অতুল বৰা ৷ আকৌ পত্ৰ লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৷ আই এ এছ বিষয়াৰ পি এম বন্দনা নামৰ এগৰাকী ডাক্তৰ কন্যাই পিতৃৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ তথ্য সদৰী কৰিছে অতুল বৰাই । লগতে অসম চৰকাৰে ঘোষণা কৰা পিতৃ-মাতৃ বন্দনাৰ ছুটী প্ৰসংগতো প্ৰশ্ন তুলি তাৰ পৰিৱৰ্তে জাৰৰ বন্ধ দিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ দি পত্ৰ লিখিছে তেওঁ ৷

মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ (ETV Bharat Assam)

প্ৰথমেই পিতৃ-মাতৃ বন্দনাৰ ছুটীক লৈ বিধায়ক অতুল বৰাই প্ৰশ্ন তুলিছে- “ পিতৃ-মাতৃ বন্দনাৰ বাবে বছৰেকত সুকীয়াকৈ ২ দিন বন্ধ দিয়াৰ কথাটো সমর্থনযোগ্য নহয় ৷ বছৰেকত মাথোঁ দুদিনেই পিতৃ-মাতৃৰ বন্দনা ? এইটো কেনে কথা ?”

বিধায়ক বৰাৰ মতে ৩৬৫ দিনেই পিতৃ-মাতৃৰ বন্দনা প্ৰায়বোৰ পৰিয়ালত চলি থাকে ৷ এই শ্ৰেণীত নপৰা শতকৰা এভাগ কৰ্মচাৰীৰ বাবে কিয় দুদিন বন্ধ দিব লাগে ?

পিতৃ-মাতৃ বন্দনাৰ সলনি প্ৰতিবছৰৰ ডিচেম্বৰৰ ২১ তাৰিখৰ পৰা ৩০ তাৰিখলৈ জাৰকালিন বন্ধ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীক পত্ৰযোগে অনুৰোধ জনাইছে বিজেপি বিধায়কজনে ৷ বিধায়কজনৰ মুখ্যমন্ত্ৰীৰ প্ৰতি পৰামৰ্শ- “ ডিচেম্বৰ মাহৰ শেষৰ ৯/১০ দিনৰ মাজত পৰিব বৰদিন, এটা চতুর্থ শনিবাৰ ৷ ডিচেম্বৰত এইবাৰ দুটা দেওবাৰ, মাতৃ বন্দনাৰ দুদিন বাতিল কৰিলে মুঠ ৬ দিন ডিচেম্বৰ মাহত বন্ধ পালেই ৷ আৰু ২/৩ দিন লগ লাগিলেই ৯ দিন বা ১০ দিন হয়গৈ ৷ পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক লৈ ফুৰিবলৈ মন্দিৰ দৰ্শনেই হওক বা কোনোবা ৰাজ্যলৈ যোৱাৰ হেঁপাহ-ইচ্ছা বাস্তৱত ৰূপায়িত কৰিবলৈ এটা সুবিধা দিয়ক ৷”

জাৰৰ দিনৰ বন্ধৰ সপক্ষেও যুক্তি দিছে অতুল বৰাই- “ জুলাই মাহৰ গৰমৰ বন্ধত বহু বিপদ সম্মুখত লৈ ভ্ৰমণসূচী থিৰাং কৰিব লাগে ৷ অৰুণাচল, ছিকিম আদি ৰাজ্যলৈ জুলাই মাহত যাব নোৱাৰি, যিহেতু প্ৰায় লেণ্ডশ্লাইড হয় ৷ সেয়েহে বহুতে এইকেইদিন অসমৰ বাহিৰলৈ যোৱাৰ সাহস নকৰে । আনকি অসমৰ ভিতৰতে ডিব্ৰুগড়-শিৱসাগৰৰ মানুহো ল'ৰা- ছোৱালীক লৈ গুৱাহাটীলৈ কামাখ্যা মন্দিৰ, চিৰিয়াখানা, বশিষ্ঠ মন্দিৰ আদিলৈ আহিব নোখোজে ৷ নামনি অসমৰ মানুহো শিৱসাগৰৰ ফালে যাবলৈ মন নকৰে, কাৰণ- বাৰিষা, বান, কৃত্ৰিম বান আৰু আন বহুবোৰ অসুবিধা ৷”

জুলাই গৰমৰ বন্ধৰ পৰা প্ৰয়োজন সাপেক্ষে ২/৩ দিন কম কৰি ডিচেম্বৰ মাহৰ শেষৰ ফালে ৯/১০ দিন মান জাৰকালিৰ বন্ধ দিয়াৰ পোষকতা অতুল বৰাৰ ৷

পিতৃ IAS বিষয়া, গ্ৰামাঞ্চলত কাম নকৰে ডাক্তৰ কন্যাই :

বিধায়ক বৰাই উত্থাপন কৰিছে ৰাজহুৱা স্বাৰ্থজড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় । পিতৃ IAS বিষয়া হোৱাৰ সুবাদতেই ডাক্তৰ কন্যাই গ্ৰামাঞ্চলৰ চিকিৎসালয়ত মাত্ৰ দুমাহ দায়িত্ব পালন কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যোগ দিলে ৷ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দিছপুৰৰ বিধায়কজনে মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছে ৷

“পি এম বন্দনা এগৰাকী ডাক্তৰ, IAS বিষয়াৰ কন্যা । এবছৰ ‘Rural Posting’ত কাম কৰিব লাগে । কিন্তু ক্ষেত্ৰীৰ ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ৰ পৰা মাত্ৰ ২ মাহ কাম কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত যোগদান কৰিছেহি ।’’- বুলি উল্লেখ কৰে বৰাই ৷

লগতে তেওঁ লিখিছে—“কেশৱ মহন্ত স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে বিষয়টো বিধানসভাত উত্থাপন কৰিছিলোঁ ৷ কিন্তু কামত নাহিল ৷ এতিয়া এওঁৰ যোগ্যতা কেনেদৰে বিবেচনা কৰিব ? ডিগ্ৰীটো বৈধ হ’বনে ? চৰকাৰী চাকৰি পোৱাৰ বাবে যোগ্যতা থাকিবনে? এই দুয়োটা পৰামর্শ দিলোঁ, বিবেচনা কৰিব । আৰু পাৰে যদি ব্যৱস্থা ল’ব- এয়ে মোৰ অনুৰোধ ।”

এতিয়া প্ৰশ্ন হ’ল চৰকাৰী নিয়ম ভৰিৰে মোহাৰি গ্ৰামাঞ্চলত কাম নকৰি মহানগৰীত বাহৰ পতা এইগৰাকী পি এম বন্দনা কোন IAS বিষয়াৰ কন্যা ? পিতৃৰ ক্ষমতা অপব্যৱহাৰ কৰা ডাক্তৰ কন্যাগৰাকীৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে ল’বনে ?

লগতে পঢ়ক :মঙলবাৰ হোৱা বাবে ঘৰৰ পৰা নোলায় দিছপুৰৰ বিধায়ক অতুল বৰা : অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details