অসম

assam

ETV Bharat / state

হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে তিনি জিলাত চিহ্নফলক স্থাপন - MAN ELEPHANT CONFLICT

হাতী-মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ । ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত চিহ্নফলক স্থাপনৰে ৰাইজক সতৰ্ক কৰাৰ পদক্ষেপ ।

Elephant terror in Assam
ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 6:51 PM IST

গুৱাহাটী :ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত । বনাঞ্চলৰ সংখ্যা ক্ৰমাৎ হ্ৰাস হৈ অহাত জনাঞ্চলত বিচৰণ কৰিছে হাতীয়ে ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে বহুতেই গ্ৰহণ কৰিছে পদক্ষেপ ।

হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে চিহ্নফলক স্থাপন কৰিছে । এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰত ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত ২০ যোৰা চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰে ।

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

এই চিহ্নফলকবোৰে হাতী-মানুহৰ সংঘাত প্ৰভাৱিত অঞ্চলসমূহত সজাগতা আৰু সুৰক্ষা বৃদ্ধি কৰিব । লগতে হাতী-মানুহৰ সহাৱস্থানত উদগনি যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । হস্তী সংৰক্ষণ নেটৱৰ্ক (ই চি এন)ৰ সদস্য, স্থানীয় লোক আৰু বন বিভাগৰ পৰামৰ্শৰ ভিত্তিত আৰু ক্ষেত্ৰ জৰীপ আৰু অন্যান্য তথ্যৰ আধাৰত চিনাক্ত কৰা হস্তীদণ্ডিৰ নিৰ্দিষ্ট স্থানত এই চিহ্নফলকবোৰ স্থাপন কৰা হৈছে ।

অঞ্চলসমূহৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে সংগতি ৰাখি আৰু অধিক সংখ্যক লোকক স্পৰ্শ কৰিব পৰাকৈ ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত চিহ্ন ফলকবোৰ লগোৱা হৈছে । মনদীপ বসুমতাৰী, অভিজিত শাইকীয়া, বিকাশ টোছা আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ এটা দলে স্থানীয় লোকৰ সহায়ত চিহ্নফলক স্থাপনৰ কাম সম্পন্ন কৰে ।

তেওঁলোকে উল্লেখ কৰা অনুসৰি, এই চিহ্নফলকবোৰে স্থানীয়লোক আৰু ভূটানৰ পৰা অহা লোককে ধৰি সকলো ভ্ৰমণকাৰীক সংবেদনশীল অঞ্চলবোৰত সাৱধানতা অৱলম্বন কৰাত সহায় কৰিব । চিহ্নফলক স্থাপনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে আৰণ্যকে স্থানীয় লোকসকলক লৈ এলানি সজাগতামূলক আৰু মত-বিনিময় কাৰ্যসূচীৰো গ্ৰহণ কৰে । এই কাৰ্যসূচীলানিত চিহ্নফলকৰ স্থাপনে কিদৰে বিপদৰ আশংকা হ্ৰাস, জীৱন ৰক্ষা আৰু জীৱিকা সুৰক্ষিত কৰে তাৰ ওপৰত আলোকপাত কৰা হয় ।

চিহ্নফলকৰ স্থাপনেই হাতী-মানুহৰ সংঘাতৰ একমাত্ৰ সমাধান নহয় যদিও এই ব্যৱস্থাই হাতীৰ আৱাসভূমিৰ পুনৰুদ্ধাৰ, বিকল্প জীৱিকা কাৰ্যসূচী আৰু পশুৱে খাদ্য হিচাপে গ্ৰহণ নকৰা শস্যৰ খেতিত উদগনিকে ধৰি মানুহৰে হাতীৰ সহাৱস্থানৰ ৰণকৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰে ।

লগতে পঢ়ক:হস্তীদণ্ডিত বন বিভাগৰ পকী দেৱাল: গোৱালপাৰাত ৰাইজৰ প্ৰতিবাদ

আজি বিশ্ব হস্তী দিৱস: নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত - wild elephants terror in Numaligarh

ABOUT THE AUTHOR

...view details