ETV Bharat / state

উৰুকাত নগাঁৱৰ মীন বিভাগৰ মাছৰ বজাৰত গ্ৰাহকৰ হেতা-ওপৰা - URUKA FISH MARKET

ভোগালীত পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ মাছৰ লগতে হাঁহ, কুকুৰা ক্ৰয় কৰিবলৈ উৰুকাৰ পুৱাই বজাৰত ভিৰ কৰিছে বিভিন্নজনে ।

URUKA FISH MARKET
উৰুকাত নগাঁৱৰ মীন বিভাগৰ মাছৰ বজাৰত গ্ৰাহকৰ হেতা ওপৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 12:53 PM IST

নগাঁও: ভোগৰ উৎসৱ ভোগালী । চাওঁতে চাওঁতে পুনৰ আহি পালে হেঁপাহৰ ভোগালী । পথাৰত ভেলাঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ পাছত এতিয়া প্ৰতিগৰাকী অসমীয়া ব্যস্ত ভোগৰ আয়োজনত । ভোগালীত পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ মাছৰ লগতে হাঁহ, কুকুৰা ক্ৰয় কৰিবলৈ উৰুকাৰ পুৱাই বজাৰত ভিৰ কৰিছে বিভিন্নজনে । মাছৰ বজাৰতো গ্ৰাহকৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে মাছৰ অত্যধিক মূল্য বৃদ্ধি কৰি অহাৰ অভিযোগো প্ৰায়েই উত্থাপন হৈ আহিছে ।

কিন্তু উৰুকাৰ বজাৰত মাছৰ অত্যধিক দাম বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিগত কেইবাবছৰ ধৰি নগাঁৱত জিলা প্ৰশাসন আৰু জিলা মীন বিভাগে সুলভ মূল্যত মাছ বিক্ৰীৰ ব্যৱস্থা কৰি আহিছে । প্ৰতি বছৰৰ দৰে এইবাৰো নগাঁও জিলা প্ৰশাসন আৰু মীন বিভাগে নগাঁও মীন বিভাগৰ কাৰ্যালয়ত আয়োজন কৰা সুলভ মূল্যৰ মাছৰ বজাৰত পুৱাৰ পৰাই ভিৰ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে । কোনোবাই যদি ক্ৰয় কৰিছে ডাঙৰ চিতল, আন কোনোবাই আকৌ ক্ৰয় কৰিছে ৰৌ অথবা বাহু । কিন্তু প্ৰতিবিধ মাছৰ বাবদ জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিছে মূল্য ।

উৰুকাত নগাঁৱৰ মীন বিভাগৰ মাছৰ বজাৰত গ্ৰাহকৰ হেতা ওপৰা (ETV Bharat Assam)

নগাঁও :

নগাঁও জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিছে নগাঁৱৰ মীন বিভাগৰ কাৰ্যালয়ৰ বজাৰত বিভিন্ন মাছৰ মূল্য ৷ জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া অনুসৰি-

  • ৰৌ, বাহু, মিৰিকা, মালী মাছৰ দাম (কেজি হিচাপত)

এক কেজিৰ তলৰ মূল্য : ১৯০ টকা

এক কেজিৰ পৰা দুই কেজি : ২৮০ টকা

দুই কেজিৰ পৰা আঢ়ৈ কেজি: ৩৩০ টকা

আঢ়ৈ কেজিৰ পৰা তিনি কেজি: ৩৮০ টকা

তিনি কেজিৰ পৰা চাৰে তিনি কেজি: ৪৩০ টকা

চাৰে তিনি কেজিৰ ওপৰৰ : ৪৪০ টকা

URUKA FISH MARKET
মীন বিভাগৰ মাছৰ বজাৰত মাছৰ দাম (ETV Bharat Assam)
  • গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমল কাৰ্প মাছৰ মূল্য

এক কেজিৰ তলৰ: ১৪০ টকা

এক কেজিৰ পৰা দুই কেজি: ১৮০ টকা

দুই কেজিৰ পৰা আঢ়ৈ কেজি: ২৬০ টকা

আঢ়ৈ কেজিৰ পৰা তিনি কেজি: ২৯০ টকা

তিনি কেজিৰ পৰা চাৰে তিনি কেজি: ৩৪০ টকা

  • আৰি, বৰালী আৰু চিতল মাছৰ মূল্য

এক কেজিৰ পৰা ডেৰ কেজি: ৩২০ টকা

ডেৰ কেজিৰ পৰা আঢ়ৈ কেজি: ৪৭০ টকা

আঢ়ৈ কেজিৰ পৰা তিনি কেজি: ৫৭০ টকা

তিনি কেজিৰ পৰা চাৰি কেজি: ৬৭০ টকা

চাৰি কেজিৰ পৰা পাঁচ কেজি: ৭৭০ টকা

পাঁচ কেজিৰ ওপৰৰ : ৭৯০ টকা

ৰহাৰ জোঙালবলহু:

উৰুকাৰ মাছৰ বজাৰ বুলি ক’লে মধ্য অসমৰে বিখ্যাত মাছৰ বজাৰ হিচাপে পৰিগণিত ৰহাৰ জোঙালবলহু মীন পামৰ মাছৰ বজাৰৰো মূল্য নিৰ্দ্ধাৰণ কৰিছে জিলা প্ৰশাসনে । সেই অনুসৰি-

  • ৰৌ, বাহু, মিৰিকা, মালী

এক কেজিৰ তলৰ: ১৬০ টকা

এক কেজিৰ পৰা দুই কেজি: ২৫০ টকা

দুই কেজিৰ পৰা তিনি কেজি: ৩৫০ টকা

তিনি কেজিৰ পৰা চাৰি কেজি: ৪০০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

  • একেদৰে জোঙালবলহু মীন পামৰ মাছৰ বজাৰত গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প, কমল কাৰ্প আদি মাছৰ মূল্য

এক কেজিৰ তলৰ: ১৫০ টকা

এক কেজিৰ পৰা দুই কেজি: ২০০ টকা

দুই কেজিৰ পৰা তিনি কেজি: ২৫০ টকা

তিনি কেজিৰ পৰা চাৰি কেজি: ৩০০ টকা

জিলা প্ৰশাসন আৰু জিলা মীন বিভাগে ব্যৱস্থা কৰা সুলভ মূল্যৰ মাছৰ বজাৰত পছন্দৰ মাছ ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগাইছে গ্ৰাহকে । পছন্দৰ মাছ ক্ৰয় কৰি আনন্দ স্ফুৰ্তিৰে ঘৰমুৱা হৈছে প্ৰতিগৰাকী গ্ৰাহক ।

লগতে পঢ়ক: উৰুকাৰ বজাৰ; বিধায়কেও বিক্ৰী কৰিছে মাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.