তিনিচুকীয়া : উৰুকাৰ দিনটোতে চিৰদিনৰ বাবে হেৰাই গ'ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া ৷ তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দূৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা হৈছে ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া ৷ দেওবাৰৰ নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই । গীত পৰিবেশন কৰি থকাৰ সময়তে ঘটি গ’ল এক অঘটন ৷
গীত পৰিবেশন কৰি থাকোতেই মঞ্চৰ পৰা বাগৰি পৰিল শিল্পী ৰাজীৱ শদিয়া ৷ হঠাৎ অসুস্থ হৈ এইদৰে বাগৰি পৰে শিল্পীগৰাকী ৷ তাৰ পাছত ততাতৈয়াকৈ ৰাজীৱ শদিয়াক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু সোমবাৰে দুপৰীয়া তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ নিজস্ব এক গায়নশৈলীৰে অসমবাসীৰ মাজত এগৰাকী জনপ্ৰিয় শিল্পী আছিল ৰাজীৱ শদিয়া ৷
ৰসবাৰী পৰ্যটন মেলাত দুটা গীত পৰিৱেশন কৰাৰ পাছতে অসুস্থ হৈ মঞ্চৰ তললৈ বাগৰি পৰিছিল শিল্পীগৰাকী ৷ শিল্পীগৰাকীয়ে বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত পৰি যায় ৷ তাৰ পাছতে মেলাত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰাৰ লগতে তেওঁ হৃদৰোগত আক্ৰান্তও হয় ৷ ডিঙিৰ পিছফালে শিৰাত আঘাত পোৱাৰো আশংকা কৰা হৈছে ।
লগতে পঢ়ক : চলিত বৰ্ষটোত চিনেমা-ছিৰিয়েলতে ব্যস্ত থাকিব অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী