গুৱাহাটী :এইবাৰ ডাক্তৰৰ ৰূপত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পুৰণি বেমাৰ ধৰা পেলাইছে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । কি বেমাৰ হৈছে অখিল গগৈৰ সেয়া মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জানে । অখিল গগৈৰ বেমাৰৰ বিষয়ে ব্য়াখ্য়া কৰিলে মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত মল্লবৰুৱাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰি কয়,"অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ ৷ অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈ আছে ৷’’
মঙলবাৰে সাংবাদিকৰ আগত ২০২৬ত চৰকাৰ গঠনৰ সপোন দেখা ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "মানুহে সপোন দেখিব লাগে; কিন্তু সপোনবিলাক বাস্তৱ হোৱা সপোন দেখিব লাগে ৷ বাংলাদেশী মুছলমান, যাক আমি মিঞা বুলি কওঁ, সেই মিঞাৰ ভোটেৰে সপোন দেখা মানুহ অসমত বহুত আছে ৷ যেতিয়ালৈকে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ নেতৃত্ব থাকিব, অসমত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব থাকিব, তেতিয়ালৈকে মিঞাৰ সমৰ্থনত সপোন দেখা মানুহবিলাকৰ সপোনবিলাক বাস্তৱ নহয় ৷ এইবিলাক বন্ধ কৰিবৰ কাৰণে আমি আছো, আমাৰ চৰকাৰ আছে ৷”