অসম

assam

প্ৰদান বৰুৱাক অৱসৰ ল’বলৈ পৰামৰ্শ নিৰ্দলীয় প্ৰাৰ্থীৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:47 PM IST

Lok Sabha Election 2024 : ২৫ বছৰে বিধায়ক-সাংসদ হোৱা প্ৰদান বৰুৱাৰ কাম নাই, প্ৰদান বৰুৱাক অৱসৰ লবলৈ পৰামৰ্শ দি নতুন প্ৰজন্মৰ যুৱকক লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচিত কৰিবলৈ আহ্বান জনালে নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰীয়ে ৷

Lok Sabha Election 2024
প্ৰদান বৰুৱাক অৱসৰ ল’বলৈ পৰামৰ্শ নিৰ্দলীয় প্ৰাৰ্থীৰ

প্ৰদান বৰুৱাক অৱসৰ ল’বলৈ পৰামৰ্শ নিৰ্দলীয় প্ৰাৰ্থীৰ

জোনাই, ২ এপ্ৰিল: ৰাজ্যত নিৰ্বাচনী গৰম বতাহ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰাৰ্থীসকল ৷ লখিপুৰ লোকসভা সমষ্টিত প্ৰদান বৰুৱাক কটাক্ষ কৰি অৱসৰ ল’বলৈ আহ্বান লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰীৰ ৷

মঙলবাৰে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ গঠিত চিচিবৰগাওঁ সমষ্টিৰ চিলাসুঁতি গাঁও পঞ্চায়তৰ ভৈয়াম বেলগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নিৰ্দলীয় প্ৰাৰ্থীজনে কয় যে, যোৱা ২৫ বছৰে বিধায়ক-সাংসদ হোৱা প্ৰদান বৰুৱাৰ কাম নাই, প্ৰদান বৰুৱাক অৱসৰ দি নতুন প্ৰজন্মৰ যুৱকক লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচিত কৰক ৷ প্ৰদান বৰুৱাৰ উন্নয়ন সকলোৱে দেখিছে ৷ এইবাৰ ভাগিনক বিশ্বাস কৰি চাওক ৷

লগতে প্ৰাৰ্থীগৰাকীয়ে এইবাৰ লোকসভা নিৰ্বাচনত 10 লাখ ভোটত জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে ৷

যুৱ প্ৰাৰ্থীগৰাকীয়ে পুনৰ কয়, এইবাৰ মামা নহয় ভাগিন শক্তিশালী ৷ এইবাৰ লখিমপুৰ সমষ্টিত শাসক বিৰোধী কোনো এজনেই তেওঁৰ ফেক্টৰ নহয় ৷ বিৰোধী ৫- ৬ কিলোমিটাৰ আঁতৰত থাকি যাব ৷ বিজেপিৰ হেভীৱেট প্ৰাৰ্থী প্ৰদান বৰুৱাই অত বছৰে সমষ্টিটোত উন্নয়ন নকৰিলে ৷

প্ৰদান বৰুৱাৰ ঘৰৰ নীচেই সমীপৰৰ চিলাসূঁতিৰ কমলপুৰ-ভৈয়াম-বেলগুৰীৰ বিধস্ত পথছোৱাৰ কথালৈ আঙুলিয়াই দি তেওঁক যুৱচামে অভূতপূৰ্ব সমৰ্থন দিছে বাবেই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে । লক্ষণীয় যে, চিলাপথাৰ নগৰৰ সমীপৱৰ্তী চিলাসুঁতি ভৈয়াম বেলগুৰিত বিধস্ত যাতায়াতৰ ওপৰত আলোচনাৰ বাবে আজি স্থানীয় ৰাইজ এক আলোচনাত মিলিত হয় । বছৰ বছৰ ধৰি যাতায়তৰ নামত যমৰ যাতনা ভুগি অহা ডিমৌ নদীৰ নৈপৰীয়া গাওঁ ভৈয়াম বেলগুৰি, বান্দৰগাঁও আদি কৃষিজীৱী, গ্ৰামাঞ্চলৰ ৰাইজে বিগত সময়চোৱাত জনপ্রতিনিধিৰ চৰম উপেক্ষাৰ বাবে আজি পৰ্যন্ত বাট পথৰ সামান্য উন্নয়ন নোহোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

ৰাইজক কৰা চৰম উপেক্ষাৰ প্ৰত্যুত্তৰ হিচাপে ৰাইজে পুৰণিক আঁতৰাই নতুন মুখৰ প্ৰাৰ্থীক সমৰ্থনৰ মনস্থ কৰিছে বুলি কয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক:বিপদত পৰিছে কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন জনোৱা তিনি বিধায়ক - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details