হায়দৰাবাদ: ইছৰোৰ নতুন অধ্যক্ষ হ’ব দেশৰ জ্যেষ্ঠ মহাকাশচাৰী তথা ক্ৰাইজেনিক ইঞ্জিন বিশেষজ্ঞ ভি. নাৰায়ণন ৷ বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথে দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি অহা 14 জানুৱাৰীত অৱসৰ ল’ব ।
নাৰায়ণন বৰ্তমান তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰোৰ এল পি এছ চিৰ সঞ্চালক । লগতে তেওঁ বলিয়ামালাৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক হিচাপেও কাম কৰি আছে । তেওঁ দুবছৰৰ বাবে ইছৰোৰ অধ্যক্ষ পদত অধিষ্ঠিত হ’ব ।
শিক্ষা
মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা নাৰায়ণনে খড়গপুৰৰ আই আই টিৰ পৰা ক্ৰাইজেনিক ইঞ্জিনিয়াৰিঙত এম টেক আৰু এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ পি এইচ ডি সম্পূৰ্ণ কৰে আৰু এম টেক কাৰ্যসূচীত প্ৰথম স্থান লাভ কৰাৰ বাবে ৰূপৰ পদক লাভ কৰিছিল । 1984 চনত ইছৰোত যোগদান কৰি ৰকেট আৰু মহাকাশযানৰ প্ৰপালচন বিশেষজ্ঞগৰাকীয়ে 2018 চনত লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰৰ পৰিচালক পদবী লাভ কৰে ।
স্বীকৃতি
আদিত্য মহাকাশযান আৰু GSLV MK-III অভিযানৰ দৰে বৃহৎ প্ৰকল্পত নাৰায়ণনে উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁৰ বিশেষজ্ঞতা আৰু কৃতিত্বক কেইবাটাও বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে । ভাৰতীয় মহাকাশ ছ’চাইটিৰ পৰা ‘শ্ৰী বঁটা’ আৰু আই আই টি খড়গপুৰৰ পৰা ‘বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা’ৰে তেওঁক সন্মানিত কৰা হয় ।
সুখ ব্যক্ত নৱনিযুক্ত অধ্যক্ষগৰাকীৰ
মহাকাশ বিভাগৰ সচিব আৰু ইছৰোৰ অধ্যক্ষ হিচাপে নিযুক্ত লাভ কৰি সুখ প্ৰকাশ কৰে নাৰায়ণনে ৷ তেওঁ কয় যে মহান নেতাৰ নেতৃত্বৰ এনে এক মহান সংগঠনৰ অংশ হোৱাটো তেওঁৰ বাবে এক বৃহৎ সৌভাগ্যৰ বিষয় ।
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "এয়া ইমান এক ডাঙৰ সংগঠন । কেইবাজনো মহান নেতাই ইয়াৰ নেতৃত্ব দিছে (বিগত সময়ত) । ইয়াৰ অংশ হোৱাটো মই এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰো ।"
নাৰায়ণনে লগতে তেওঁৰ এই নতুন নিযুক্তি সম্পৰ্কীয় তথ্য প্ৰথমে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁক প্ৰেৰণ কৰিছিল বুলি জনায় । তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে সকলো সিদ্ধান্ত লৈছে । পিএমঅ'ই যোগাযোগ কৰিছে । বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথ ছাৰেও ফোন কৰি নতুন নিযুক্তিৰ বিষয়ে জনাইছিল ।"
ইছৰোৰ আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে কয় যে এই সময়ত মহাকাশ সংস্থাটোৱে উল্লেখযোগ্য অভিযান হাতত লৈছে ।
আগন্তুক অভিযানসমূহৰ বিষয়ে সবিশেষ দি নাৰায়ণনে কয় যে ইছৰোই 30 ডিচেম্বৰত স্পেচ ডকিং এক্সপেৰিমেণ্ট (স্পেডেক্স) অভিযান আৰম্ভ কৰিছিল আৰু 9 জানুৱাৰীত স্পেডেক্স উপগ্ৰহৰ ডকিং পৰীক্ষা অনুষ্ঠিত হ’ব ।
ইছৰোলৈ এছ সোমনাথৰ অৱদান
2022 চনৰ জানুৱাৰী মাহত এছ সোমনাথে ইছৰোৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁৰ অধীনতেই ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ৰভাৰ অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰিও ই আমেৰিকা, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীনৰ পিছত চন্দ্ৰত কোমল অৱতৰণ লাভ কৰিবলৈ সক্ষম হয় আৰু দেশসমূহৰ এক অভিজাত ক্লাবত যোগদান কৰে ।