ডিব্ৰুগড় : ডিব্ৰুগড় বিমান বন্দৰত মঙলবাৰে হঠাতেই উপস্থিত হয় WWE খেলুৱৈ গ্ৰেট খালী । নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ বিমানে অৱতৰণ কৰিলেও হাজাৰ হাজাৰ অনুৰাগীয়ে কিন্তু মৰমৰ খেলুৱৈগৰাকীক নিচেই ওচৰৰ পৰা দৰ্শন কৰিবলৈ অপেক্ষা কৰি আছিল ।
কেইবা ঘন্টা অপেক্ষাৰ অন্তত বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে WWE তাৰকা খেলুৱৈগৰাকীক ওচৰৰ পৰা প্ৰত্য়ক্ষ কৰিবলৈ অনুৰাগীসকলে হেতাওপৰা লগায় । কোনোৱে যদি প্ৰিয় তাৰকাগৰাকীৰ সৈতে চেল্ফী উঠিছে, আন একাংশই আকৌ ভিডিঅ' কৰিছে গ্ৰেট খালীৰ ।
দুলীয়াজানত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হয় WWE তাৰকা খেলুৱৈগৰাকী । মঙলবাৰে বিয়লি মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে অনুৰাগীসকলে চেল্ফী, ফটো তুলিবলৈ ভিৰ কৰাত তাৰকা খেলুৱৈগৰাকীয়ে কাকো নিৰাশ নকৰিলে । ডিব্ৰুগড় বিমান বন্দৰত অলপ সময় থকাৰ পিছত তাৰ পৰাই পোনে পোনে দুলীয়াজানলৈ ৰাওনা হয় ।
দুলীয়াজান সমষ্টিৰ টিংৰাই চাৰিআলিত চেনচিচ এন্টাৰপ্ৰাইজৰ ৰকেট ইলেকট্ৰিক ভেহিক'ল মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে খালীয়ে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত WWEৰ তাৰকা খেলুৱৈ গ্ৰেট খালীয়ে কয়," ডিব্ৰুগডলৈ আহি ভাল লাগিছে । ইয়াৰ ৰাইজ মৰমীয়াল হোৱা বাবেই ডিব্ৰুগড়ৰ টিংৰাই চাৰিআলিত ৰকেট ই ভি মুকলি কৰিবলৈ বিচৰা হ'ল হ'ল । প্ৰধানমন্ত্ৰীৰ সপোনৰ ভাৰতখনক প্ৰদূষণমুক্ত কৰাৰ বাবে আমি বিদ্যুৎ চালিত ই-ৰিক্সা মুকলি কৰিছো । এই ব্যৱস্থাৰে নিৱনুৱাসকল স্বাৱলম্বী হোৱাৰ লগতে দৰিদ্ৰ লোকসকলক উপকৃত কৰিব ।" এই অনুষ্ঠানত উদ্যোক্তাসকলৰ লগতে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাও উপস্থিত থাকে ।