২০২৫ বৰ্ষত মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দ্বিতীয় অৰ্থাৎ ধনৰ স্থানত মংগল, চতুৰ্থত কেতু, ষষ্ঠত বুধ, সপ্তমত ৰবি, অষ্টমত চন্দ্ৰ, নৱম তথা ভাগ্যস্থানত শুক্ৰ আৰু শনি, কৰ্মস্থানত ৰাহু, দ্বাদশত বৃহস্পতি গ্ৰহ অৱস্থান কৰি শুভফল নিৰূপণ কৰিছে ৷
২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মস্থানত ৰাহুগ্ৰহ অৱস্থান কৰি বিশেষ শুভফল নিৰূপণ কৰিছে ৷ কৰ্মস্থানত ৰাহুগ্ৰহ বিশেচ্ছে অৱস্থাত থকাৰ বাবে কৰ্মৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো ভাল ৷ চামৰা বা লোহাৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা লোক সকলৰ বাবে ভাল বুলি কব পাৰি ৷ কাৰীকৰি দিশত অধ্যয়ন কৰি থকা সকলৰ ২০২৫ বৰ্ষত কাৰীকৰি দিশত কৰ্মপ্ৰাপ্তিৰ দিশ আছে ৷ নিবনুৱাসকলে ২০২৫ বৰ্ষত নতুন কৰ্মৰ সন্ধান লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি যোগ আছে, লগতে কৰ্মক্ষেত্ৰত নতুন নতুন দায়িত্ব লাভ হ'ব ৷ কৰ্মত থকা ভয় চিন্তাবোৰ আঁতৰিব ৷ নতুন নতুন কৰ্ম আৰম্ভণি কৰিবলৈ মানসিক ভাৱে শক্তি লাভ কৰিব ৷
২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধন আৰু ব্যৱসায় ক্ষেত্ৰত খুব শুভ ৷ ধনস্থানত মংগল আৰু সপ্তমত ৰবি গ্ৰহ অৱস্থান কৰি ধন আৰু ব্যৱসায় দিশটো খুৱ শুভ কৰি তুলিছে ৷ আৰ্থিক দিশত খুব সফলতা লাভ কৰিব পৰিব ৷ হাতলৈ ধন দুগুণ আহিব ৷ ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব ৷ নতুন নতুন ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰিব ৷
২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে কেনে হ'ব ?
চলিত বৰ্ষত মেঘ ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত খুব শুভ ৷ স্বাস্থ্যৰ উন্নতি হ'ব লগতে দীৰ্ঘদিনীয়া ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব ৷ পুৰণি ৰোগসমূহৰ পৰা উপশম লাভ কৰিব ৷ শৰীৰক আৰু মানসিক স্বাস্থ্যৰ সকলো দিশৰ ক্ষেত্ৰতো ২০২৫ বৰ্ষত ভালে যাব ৷
২০২৫ বৰ্ষত প্ৰেম-বিবাহৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত প্ৰেম-বিবাহৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ খুৱ শুভ বুলি কব পাৰি ৷ সপ্তমত ৰবি গ্ৰহ অৱস্থান কৰাৰ ফলত প্ৰেম আৰু বিবাহৰ দিশটো খুব সবল হ'ব ৷ প্ৰেমত থকা বাধা সমূহ নাইকীয়া হ'ব ৷
২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে কেনে হ'ব ?
২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে বিদ্যাত শুভ ৷ বিদ্যাৰ স্থানত কেতু গ্ৰহ অৱস্থান কৰাৰ ফলত বিদ্যাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব ৷ তথাপিও পৰীক্ষাৰ্থী আছে তেওঁলোকে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিব ৷ বাহিৰত অধ্যয়ন কৰিব বিচৰা সকলৰ বাবেও বাহিৰত অধ্যয়নৰ যোগ দেখা গৈছে ৷ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰি থকা সকলৰ বাবে এইবর্ষতো আটাইতকৈ শুভ বুলি ক’ব পাৰি ৷
(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)
লগতে পঢ়ক