কলিয়াবৰ : কলিয়াবৰৰ এটা অঞ্চলত বিগত কেইবামাহ ধৰি অব্য়াহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস । ইতিমধ্যে এজন লোকক ভক্ষণ কৰি নৰখাদক ৰূপ লৈ আতংকৰ সৃষ্টি কৰিছে ঢেকীয়াপতীয়া বাঘে ।
ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে । বাঘৰ আতংকৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে চৰকাৰক আহ্বান জনোৱাত মঙলবাৰে পৰিস্থিতিৰ বুজ ল'বলৈ কলিয়াবৰত উপস্থিত হয় বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।
কলিয়াবৰত মঙলবাবে বনৰজাক খেদিবলৈ বনমন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া আৰু প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত বন বিভাগৰ শীৰ্ষ বিষয়াক শীঘ্ৰে বাঘ খেদি পঠোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে বনমন্ত্ৰীয়ে । এই বৈঠকতে শক্তিশালী পাৱাৰ ফেঞ্চিং নিৰ্মাণ আৰু উক্ত স্থানত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ ৪০ লক্ষাধিক টকা আৱণ্টনৰ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।
বাঘৰ বিচৰণ স্থানত দৈনিক টহলৰ ব্য়ৱস্থা :
ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত বাঘৰ আক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ বিভাগটোৱে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে ব্য়াখ্য়া কৰি কয়," বিগত কিছুদিন ধৰি কলিয়াবৰত বাঘৰ লগতে হাতীৰ সমস্য়া হৈ আছে । বিভাগীয় বিষয়া আৰু ৰাইজৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰি আমি কিছুমান ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছো । জনসাধাৰণৰ নিৰাপত্তাৰ বাবে এ কে ৪৭ বন্দুকধাৰী ১২ গৰাকীকৈ বেটেলিয়ানে বাঘৰ বিচৰণ স্থানত দৈনিক টহল দিব । তদুপৰি টহল দিবলৈ ২ খনকৈ গাড়ীৰ ব্যৱস্থা কৰা হৈছে ।"
কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাখনত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে বন মন্ত্ৰীয়ে আলোচনা কৰে । এইক্ষেত্ৰত কলিয়াবৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ তদাৰকী ব্যৱস্থা নোলোৱাৰ অভিযোগৰ বিষয়েও নগাঁও জিলা আয়ুক্তৰ একাংশই অৱগত কৰে । স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াবৰ সমজিলা আয়ুক্ত লীজা তালুকদাৰ, নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই বৈঠকত অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে কলিয়াবৰ ৰাজহ চক্ৰ এলেকাধীন কামাখ্যা গাঁও, নাম-কামাখ্যা, সোণাৰী গাঁও, হাতীমূৰা, মিৰিভেটিকে ধৰি বহুকেইখন গাঁৱত বনৰজাই আতংকিত কৰি তুলিছে গঞা ৰাইজক । ইতিমধ্যে নৰখাদকলৈ পৰ্যবসিত হোৱা বাঘে বাসুদেৱ কৰ্মকাৰ নামৰ লোকজনক ভক্ষণ কৰে । তদুপৰি মহিলা চাহ শ্ৰমিক যমুনা গৌড় আৰু বিৰলা মুণ্ডা নামৰ লোকজন বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে । বিগত ৬টা মাহে গৃহস্থৰ শতাধিক পশুধন বাঘে ভক্ষণ কৰাৰ পাছত ঢেকীয়াপতীয়া বাঘ নৰখাদকলৈ ৰূপান্তৰিত হোৱাত গঞা ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে ।
বিদ্যালয়লৈ আহিবলৈ এৰিছে শিক্ষাৰ্থীয়ে :
বাঘৰ ভয়ত বিগত দুটা মাহে বিদ্যালয়লৈ আহিবলৈ এৰিছে শিক্ষাৰ্থীয়ে । গুণোৎসৱৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বন বিভাগৰ লোকে হাতত অস্ত্ৰ লৈ নিৰাপত্তা দি বিদ্যালয়লৈ আনিব লগা পৰিবেশ হৈছে কলিয়াবৰত । আনহাতে, সোমবাৰে নিশা নাম-কামাখ্যা গাঁৱৰ এঘৰত গোহালিত পশুধন চিকাৰ কৰিবলৈ আহে বাঘটোৱে । একে সময়তে জখলাবন্ধাৰ সমীপৱৰ্তী মিৰিভেটি গাঁৱত বিচৰণ কৰে আন এটা বাঘে । ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক গাঁওখনত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ফটকা ফুটাই বাঘ খেদিবলৈ সক্ষম হয় । ইয়াৰ পাছতে সমগ্ৰ বিষয়টো পৰ্যালোচনাৰ বাবে কলিয়াবৰত উপস্থিত হয় বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।