অসম

assam

ETV Bharat / state

বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী - Sherman Ali Ahmed suspension - SHERMAN ALI AHMED SUSPENSION

Sherman Ali Ahmed suspension : শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসভাৰ অধ্যক্ষলৈ এই জাননী জাৰী কৰিছে । ৰকিবুল হুছেইনৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই জাননী জাৰী কৰে । ২৭ মে'ত হ'ব পৰৱৰ্তী শুনানি ।

Sherman Ali Ahmed suspension
বিধানসভাৰ অধ্যক্ষলৈ উচ্চ ন্যায়ালয়ৰ জাননী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 11:19 AM IST

গুৱাহাটী, ১০ ছেপ্টেম্বৰ :অসম বিধানসভাৰ অধ্যক্ষলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী । ৰাজনৈতিক দলৰ পৰা নিলম্বিত বিধায়কৰ পদ খাৰিজ নকৰাক লৈ উচ্চ ন্যায়ালয়ৰ জাননী বিধানসভাৰ অধ্যক্ষলৈ । অসমৰ কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসভাৰ অধ্যক্ষলৈ এই জাননী জাৰী কৰিছে ।

অধ্যক্ষৰ লগতে বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু বাঘবৰৰ শ্বেৰমান আলী আহমেদলৈও জাননী জাৰী কৰিছে উচ্চ ন্যায়ালয়ে ৷ এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ এক আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি এই জাননী জাৰী কৰিছে ন্যায়ালয়ে ।

আনহাতে, শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজকলৈ গোচৰ বিচাৰাধীন হৈ থাকোতে ৰকিবুল হুছেইনৰ আবেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত গ্রহণ কৰিব পাৰিব বুলিও গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়ে ।

  • শ্বেৰমান প্ৰসংগ কেনেকৈ পালেগৈ ন্যায়ালয়ৰ মজিয়া :

দল বিৰোধী কার্যত লিপ্ত হোৱাৰ অভিযোগত কংগ্ৰেছ দলে বিধায়ক শ্বেৰমানক দীৰ্ঘদিনৰ পূৰ্বে নিলম্বন কৰিছিল ৷ লগতে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈয়ো অসম বিধানসভাৰ অধ্যক্ষক দাবী জনাইছিল কংগ্ৰেছ দলে ৷ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে যোৱা ২ মে'ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত শ্বেৰমানৰ বিধায়ক পদ খাৰিজৰ বাবে এক আবেদন দাখিল কৰিছিল ।

দেশৰ সংবিধানৰ দশম অনুসূচীৰ ভিত্তিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে আবেদন দাখিল কৰিছিল কংগ্ৰেছে । পিচত উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত ৰকিবুল হুছেইনে উচ্চ ন্যায়ালয়ৰ কাষ চাপে । উচ্চতম ন্যায়ালয়ৰ এক তিনিজনীয়া বিচাৰপীঠে ২০২০ চনৰ ২১ মে'ত ৫৪৭/২০২০ নম্বৰত গোচৰত কৰা ৰায়দান অনুসৰি বিধানসভাৰ অধ্যক্ষই এনে আবেদন দাখিল কৰা তাৰিখৰ পৰা ৩ মাহৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিব লাগে ।

কিন্তু ২ মে'ত ৰকিবুল হুছেইনে দাখিল কৰা আবেদনৰ ভিত্তিত বিধানসভাৰ অধ্যক্ষই কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে । সেয়ে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে । ডব্লিউ পি (চি) ৪৫৮৬/২০২৪ নম্বৰৰ গোচৰ সন্দৰ্ভত সোমবাৰে শুনানি গ্রহণ কৰে ন্যায়ালয়ে ।

শুনানী গ্ৰহণ কৰি ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু শ্বেৰমান আলী আহমেদলৈ জাননী জাৰী কৰাৰ লগতে শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে । লগতে অহা ২৭ মে'ত এই গোচৰৰ শুনানিৰ পৰৱৰ্তী দিন ধার্য কৰে ন্যায়ালয়ে ।

লগতে পঢ়ক :কংগ্ৰেছে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে: ভৱেশ কলিতা - Bhabesh Kalita Criticizes Congress

ABOUT THE AUTHOR

...view details